পুনৰ বিতৰ্কত এতিয়া জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ।
বিভিন্ন সময়ত বিভিন্ন ঠাইত কণ্ঠশিল্পী গৰাকীয়ে কৰা মন্তব্য বা আচৰণৰ বাবেই বিতৰ্কত থকা দেখা যায়।
আনহাতে, এইবাৰ জুবিন গাৰ্গক বৰ্জন কৰাৰ দাবীত উত্তাল প্ৰতিবাদ ৰাইজৰ।
মঙলবাৰে নিশা শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত আছিল জুবিন গাৰ্গৰ সংগীতানুষ্ঠান। সকলোৰে প্ৰিয় জুবিনক চাবলৈ লাখ লাখ অনুৰাগীৰ ভিৰ। ডেকা, বৃদ্ধা, শিশুকে আদি কৰি সকলোৰে অপেক্ষা জুবিনক চাবলৈ।
জানিব পৰা মতে, সময়ৰ গান গাবলৈ মঞ্চত উঠিল জুবিন। আৰম্ভ কৰিলে গানৰ যাত্ৰা।
কিন্তু দুই শাৰীমান গান গোৱাৰ পাছতেই মন নোযোৱা হ’ল গাবলৈ জুবিনৰ। তেওঁ কয় যে, “কেতিয়াবা কাৰোবাৰ গান গাবলৈ মন যায়, কেতিয়াবা মন নাযায়। আজি মোৰ মন নাই। বাই লাভ ইউ“।
এনেকৈ কৈয়েই মঞ্চৰ পৰা নামি গ’ল সুৰাৰ ৰাগীত মাতলীয়া হৈ থকা জুবিন গাৰ্গ।
আনফালে, হাহাকাৰ অনুৰাগীৰ মাজত। প্ৰতিবাদ কৰিলে একাংশই।
জুবিন গাৰ্গক বৰ্জন কৰাৰ আহ্বান জনাই অনুৰাগীসকলে। জুবিন গাৰ্গৰ এনে কাণ্ডৰ ফলত ক্ষুব্দ হৈ পৰিছে অনুৰাগী সকল। আনহাতে, ঘটনাৰ পাছত বৰ্তমান পৰ্যন্ত জুবিন গাৰ্গে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই।