নিউজ ডেস্ক : দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে উচ্চ ন্যায়ালয়ত নিজৰ কাৰ্য্যকাল সমাপ্ত কৰাৰ মাত্ৰ চাৰি মাহৰ পিছতে ৰাজ্যসভাৰ সদস্যপদ গ্ৰহণ কৰিছিল। উক্ত সিদ্ধান্তক লৈ সেই সময়ত প্ৰাক্তন মুখ্য ন্যায়াধীশ গৰাকী যথেষ্ট বিতৰ্কত সোমাই পৰিছিল।

অৱশ্যে ৰাজ্যসভাৰ সদস্যপদ গ্ৰহণ কৰিলে যদিও ৰঞ্জন গগৈৰ ৰাজ্যসভাত উপস্থিতিৰ সংখ্যা তেনেই নগণ্য। সংসদৰ ৰেকৰ্ডত প্ৰকাশ পোৱা অনুসৰি গগৈৰ উপস্থিতিৰ হাৰ ১০ শতাংশতকৈও কম।

সাংসদ হিচাপে যোগদান কৰা দিনৰ পৰা ৰাজ্যসভাত বহা মুঠ ৬৮ টা বৈঠকৰ মাত্ৰ ৬ টাতহে অংশগ্ৰহণ কৰিছে দেশৰ প্ৰাক্তন মুখ্য ন্যয়াধীশ গৰাকীয়ে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম NDTVৰ এক সাক্ষাৎকাৰত গগৈয়ে নিজে এই কথা স্বীকাৰ কৰে।

কিয় তেওঁ উপস্থিতি ইমান কম বুলি সাংবাদিক গৰাকীয়ে প্ৰশ্ন কৰাত গগৈয়ে কয়, ”মোৰ যেতিয়া মন যায় মই তেতিয়া ৰাজ্যসভাত উপস্থিত থাকো। যেতিয়া মই ভাবো যে মই বক্তব্য ৰাখিব লগীয়া কিবা দৰকাৰী কথা আছে। তদুপৰি মই এগৰাকী মনোনীত সদস্য, কোনো দলৰ দ্বাৰা মই পৰিচালিত নহয়। গতিকে দলীয় সদস্যসকলৰ দৰে বেল বাজিলেই উপস্থিত থাকিবলৈ মই বাধ্য নহয়। মোৰ ইচ্ছা মতে মই তালৈ যাঁও আৰু ইচ্ছা অনুসৰি গুচি আহো। মই ৰাজ্যসভাৰ এগৰাকী নিৰ্দলীয় সদস্য।”

ইয়াৰ উপৰি উক্ত সাক্ষাৎকাৰত গগৈয়ে ক’ভিড পৰিস্থিতিৰ বাবেও ৰাজ্যসভাত তেওঁ উপস্থিত থাকিবলৈ অসুবিধা পোৱা বুলি মন্তব্য কৰে।

লগতে পঢ়ক : ডিয়েগো মাৰাডোনাৰ হাত ঘড়ী শিৱসাগৰত উদ্ধাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply