গুৱাহাটী – ভাৰতৰ বেডমিণ্টন তাৰকা পি ভি সিন্ধুৰ এটা পোষ্টে অন্তৰ ভাঙিলে বেডমিণ্টন অনুৰাগীসকলৰ। অলপতে ,ছ’চিয়েল মিডিয়াত বেডমিণ্টন তাৰকা পি ভি সিন্ধুৱে কৰে এটা পোষ্ট। পোষ্টটোত তাৰকাগৰাকীয়ে খেল জগতৰ পৰা অৱসৰ লোৱাৰ কথা ব্যক্ত কৰি লিখে ‘I retire ‘। এই পোষ্টটোৱে সমগ্ৰ বিশ্বৰ বেডমিণ্টন প্ৰেমীৰ অন্তৰ ভাঙি পৰিছিল। ডেনমাৰ্ক অপেন টুৰ্ণামেন্ট খনেই তেওঁৰ কেৰিয়াৰৰ শেষ টুৰ্ণামেণ্ট বুলি প’ষ্টটোত উল্লেখ কৰিছে সিন্ধুৱে।

লগতে তাৰকা গৰাকীয়ে উল্লেখ কৰে, “কৰোণা ভাইৰাছৰ কবলত বিশ্বজুৰি অসংখ্য লোকৰ মৃত্যু হোৱাৰ খবৰে মনটো বহুত বেয়া কৰিছে। প্ৰতিদিনে এই খবৰে ব্যথিত কৰিছে। নিজকে অনেক প্ৰশ্ন কৰিছো। শেষত সিদ্ধান্ত লৈছো মই অৱসৰ ল’ম।”

লগতে পি ভি সিন্ধুৱে লিখে এই খবৰে বহু বেডমিণ্টন প্ৰেমীৰ অন্তৰ ভাগিব। কৰোণা মহামাৰীয়ে আমাৰ জীৱন স্তব্ধ কৰি তুলিছে। আমি অশেষ কষ্ট কৰি এখন খেলত জয় লাভ কৰো। খেলৰ শেষ শ্বট পর্যন্ত আমি যুজঁ অব্যাহত ৰাখো পিছে এই অদৃশ্য ভাইৰাছৰ বিৰুদ্ধে যুঁজি যোৱাটো অসম্ভৱ।

লগতে লিখে, “পৰৱৰ্তী প্ৰজন্মৰ বাবে এখন সুন্দৰ পৃথিৱী উপহাৰ দিবলৈ আমি সকলোৱে এই ভাইৰাছৰ বিৰুদ্ধে আৰু সচেতন হ’ব লাগিব। পিছে এই কৰোণাৰ বাবে ডেনমাৰ্কত লকডাউনৰ হৈ থকাৰ বাবে টুৰ্ণামেণ্ট অনুষ্ঠিত কৰিব পৰা নাই যদিও মই কিন্তু মোৰ অনুশীলন অব্যাহত ৰাখিছো।আপোনালোকেও এই ভাইৰাছৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখক আৰু অধিক সচেতন হওঁক।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply