মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থিত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বৃহস্পতিবাৰে দিনৰ ১১ বজাৰ পৰা দুপৰীয়া ২ বজালৈকে বিভিন্ন বিভাগৰ বিষয়া সকলৰ সৈতে জিলা প্ৰশাসন আৰু অভিভাৱক সচিবৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে বুধবাৰে দুপৰীয়া প্ৰায় ১ বজাত জিলাখনৰ দায়িত্ব লাভ কৰা অভিভাৱক সচিব, আই এ এছ বিষয়া মুকেশ শাহু জিলাখনত উপস্থিত হৈ ক’ভিড ভেকচিন চেণ্টাৰৰ লগতে বিভিন্ন ঠাই পৰিদৰ্শন কৰে।

প্ৰথমবাৰৰ বাবে এইদৰে অভিভাৱক সচিবজনে জিলাখনত উপস্থিত হৈ সকলো সমস্যাৰ পৰ্যালোচনা কৰাৰ অন্তত বৃহস্পতিবাৰে দিনৰ ১১ বজাত জিলা উপায়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। এই সভাখনত অভিভাৱক সচিবজন মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে জিলা উপায়ুক্ত এইচ এন গৌতম, জিলা অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱ জ্যোতি দাস আৰু লক্ষ্মী কূটুম , জিলা আৰক্ষী অধীক্ষক সুবোধ সোনোৱাল উপস্থিত থাকে।

আৰু পঢ়কঃ নগাঁও বৰঘাট বাইপাচ এলেকাৰ কদৰ্যময় পৰিৱেশে অশ্বস্তিত পেলাইছে স্থানীয় ৰাইজক

আনহাতে জিলাখনৰ অধীনত থকা প্ৰতিটো বিভাগৰ বিষয়াসকল এই পৰ্যালোচনা সভাত উপস্থিত থাকি জিলাখনৰ উন্নয়ন কিদৰে আগুৱাই নিব পাৰি তাক লৈ আলোচনাত মিলিত হয়। প্ৰায় ৩ ঘণ্টা জোৰা চলা এই পৰ্যালোচনা সভাৰ অন্তত অভিভাৱক সচিবজন দিনৰ প্ৰায় তিনি বজাত গুৱাহাটীলৈ ৰাওনা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply