গুৱাহাটীঃ IAS বিষয়া পাৰ্থপ্ৰতীম মজুমদাৰক NRC ৰাজ্যিক সমন্বয়ক হিচাপে নিযুক্তি। কো-অপাৰটিভ বিভাগৰ পঞ্জীয়ক হিচাপে কাৰ্যনিবাহ কৰি আছিল পাৰ্থপ্ৰতীম মজুমদাৰে। ৩১ আগষ্টত অৱসৰ ল’ব বৰ্তমানৰ NRC ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই। হিতেশ দেৱ শৰ্মাৰ পদত ১ আগষ্টৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰিব পাৰ্থপ্ৰতীম মজুমদাৰে।

উল্লেখ্য যে, NRC ত কেলেংকাৰী হোৱাৰ বিস্ফোৰক অভিযোগ তুলিছিল হিতেশ দেৱ শৰ্মাই। পূৰ্বৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে CID ত গোচৰ ৰুজু কৰিছিল হিতেশ দেৱ শৰ্মাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply