টকা আত্মসাতৰ গোচৰত শেৱালী দেৱী শৰ্মা নামৰ এগৰাকী IAS বিষয়াক নিলম্বিত কৰা হৈছে। ৬ এপ্ৰিলৰ পুৱা প্ৰায় ১০ বজাৰ পৰা বিষয়াগৰাকীক ভিজিলেন্স কাৰ্যালয়ত জেৰা আৰম্ভ কৰা হয়।
শেৱালী দেৱী শৰ্মাৰ বিৰুদ্ধে ১০৫ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। লগতে তেওঁৰ বিৰুদ্ধে আৰু বহু গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। শিক্ষা বিষয়াকে ধৰি লগতে কেইবাজনো অতিৰিক্ত শিক্ষা বিষয়া-কৰ্মচাৰীকো জেৰা অব্যাহত ৰাখিছে কৰ্তৃপক্ষই।
মুখ্যমন্ত্রীৰ নিৰীক্ষণ কোষে এই পৰিস্থিতিক গুৰুত্বসহকাৰে লৈছে আৰু সত্য জানিবলৈ সকলো তদন্তমূলক বিকল্প গ্ৰহন কৰিছে ৷ এই আত্মসাৎৰ লগত জড়িত সকলোকে তেওঁলোকৰ কাৰ্যৰ জবাবদিহি কৰা হ’ব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
মন কৰিবলগীয়া যে এছ চি ই আৰ টিৰ কাৰ্যবাহী অধ্যক্ষ আৰু সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে শেৱালী দেৱী শৰ্মাই অসম চৰকাৰৰ সন্মতি অবিহনে পাঁচটা বেংক একাউণ্ট খুলিছিল।
বৰ্তমানেও তদন্ত অব্যাহত আছে, আৰু আন কিমানখিনি লোক এই ঘটনাৰ সৈতে জড়িত আছে সেই সম্পৰ্কে অধিক তথ্য প্ৰকাশ পাব বুলিও কৰ্তৃপক্ষই জানিবলৈ দিছে।