ডিব্ৰুগড় : ভাৰতৰ তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিঙে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ আগবঢ়োৱা ৫০ খন বিচনাৰ ‘ক্ৰিটিকেল কেয়াৰ ইউনিট’ (চিচিইউ) এটা বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই।
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈগৰাকীৰ দাতব্য সংস্থা ‘ইউউইকেন ফাউণ্ডেচন’ৰ পৃষ্ঠপোষকতাত অসমৰ সবাতোকৈ পুৰণি চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়খনত সংযোজিত এই চিচিইউৰ ভাৰ্চুৱেল উদ্বোধনী অনুষ্ঠানত ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক যুৱৰাজ সিঙৰ লগতে তেওঁৰ মাতৃ তথা ফাউণ্ডেচনৰ অধ্যক্ষা শ্বৱনম সিঙেও চণ্ডীগড়ৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে যোগদান কৰে। গুৱাহাটীস্থিত এনএইছএমৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই উদ্বোধন কৰে।
অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সৈতে এনএইচএমৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মনন আৰু কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰীয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত ডিব্ৰুগড়ৰ পৰা অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ৰ অধীক্ষক তথা অধ্যাপক ডাঃ প্ৰশান্ত দিহিংগীয়া আৰু অধ্যাপিকা ডাঃ জলী ৰাভা আৰু নতুন দিল্লীৰ পৰা উৱান ইণ্ডিয়া এণ্টাৰটেইনমেণ্টৰ পৰিচালন সঞ্চালক ছবিৰ মমিন, এচেনচিউৰ ইণ্ডিয়াৰ পৰিচিলন সঞ্চালিকা ক্ষিতিজা কৃষ্ণাস্বামীৰ লগতে ইউউইকেন ফাউণ্ডেচনৰ কাৰ্যবাহী পুনম নন্দাই ভাগ লয়।
চলিত বৰ্ষত ক’ভিডৰ দ্বিতীয় ঢৌ তুংগত উঠাৰ সময়তে প্ৰাক্তন তাৰকা ক্ৰিকেটাৰগৰাকীৰ দাতব্য সংস্থাটোৱে অসম চৰকাৰৰ ক’ভিড বিৰোধী যুঁজত সহায়ক হোৱাকৈ ডিব্ৰুগড়ৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়খনত সদ্যহতে গুৰুতৰভাৱে ক’ভিডত আক্ৰান্ত লোকক চিকিৎসা আগবঢ়োৱাৰ বাবে প্ৰথম পৰ্যায়ত দহখন আইচিইউ ভেণ্টিলেটৰযুক্ত বিচনাসহ মুঠ ৫০খন অক্সিজেনৰ সুবিধা থকা বিচনাৰ এই চিচিইউটো স্থাপনৰ ব্যৱস্থা কৰে।
যুৱৰাজ সিঙৰ ফাউণ্ডেচনটোৱে দ্বিতীয় পৰ্যায়ত পুনৰ আন ১০ খন আইচিইউ ভেণ্টিলেটৰ সুবিধাযুক্ত বিচনাসহ ৫০ খন অক্সিজেন বিচনা এই চিচিইউৰ বাবে শীঘ্ৰে আগবঢ়াব। ইউউইকেন ফাউণ্ডেচনৰ ‘ক্ৰিটিকেল কেয়াৰ চিকিৎসাৰ বাবে ১০০০ খন বিচনা অভিযান’ কাৰ্যসূচীৰ অংশ হিচাপে অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ এই চিচিইউ দান কৰিছে। ক’ভিড পৰিস্থিতি অন্ত পৰাৰ পাছত এই চিচিইউক কৰ্কট ৰোগত আক্ৰান্ত শিশুৰ চিকিৎসাৰ বাবে ব্যৱহৃত হ’ব।
ভাৰ্চুৱেল উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি স্বাস্থ্যমন্ত্ৰী।কেশৱ মহন্তই ভাৰতৰ তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিং আৰু তেওঁৰ দাতব্য সংস্থাটোক অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ আগবঢ়োৱা এই অৱদানৰ বাবে কৃতজ্ঞতা জনোৱাৰ লগতে কৰ্কট ৰোগাক্ৰান্ত শিশুসকলৰ চিকিৎসাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ ইউউইকে ফাউণ্ডেচনে দেশজুৰি হাতত লোৱা এনে মহৎ প্ৰয়াসৰ ভূয়সী প্ৰশংসা কৰে।
লগতে পঢ়ক : আজি কামৰূপ মহানগৰ জিলাত ৭৫ হাজাৰ লোকক টীকাকৰণৰ লক্ষ্য
যুৱৰাজ সিঙে উজনী অসমৰ চিকিৎসালয়খনত স্থাপন কৰা এই চিচিইউ স্থাপন কাৰ্যক শিশু আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলক উপকাৰ সাধিবলৈ তেওঁৰ ফাউণ্ডেচনে চলোৱা প্ৰয়াসৰ অংশ বুলি অভিহিত কৰি আগন্তুক দিনতো এই প্ৰয়াসক আৰু অধিক ফলপ্ৰসু ৰূপত আগবঢ়াই নিবলৈ যত্নবান হ’ব বুলি দোহাৰে।