নিউজ ডেস্ক : দেশত ক’ভিডৰ প্ৰাদুৰ্ভাৱ ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰাৰ মাজতে ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্চ চমুকৈ ICMR-এ প্ৰাৰ্থমিক বিদ্যালয়সমূহ খোলাৰ পৰামৰ্শ আগবঢ়াইছে। মঙলবাৰে ICMR-ৰমূৰব্বী ডাঃ বলৰাম ভাৰ্গৱে ভাৰতত উচ্চ মাধ্যমিক বিদ্যালয় সমূহ খোলাৰ পূৰ্বে প্ৰাৰ্থমিক বিদ্যালয় সমূহ খোলাটো উচিত হ’ব বুলি কয়।
এখন সংবাদমেল সম্বোধন কৰি ডাঃ ভাৰ্গৱে কয়, ‘আমি ভালকৈ জানো যে শিশুসকলে প্ৰাপ্তঃবয়স্ক সকলতকৈ যথেষ্ট ভালদৰে ভাইৰেল সংক্ৰমণ প্ৰতিহত কৰিব পাৰিব। কিছুমান স্কেণ্ডিনেভিয়ান দেশে ক’ভিডৰ কোনো এটা ধৌত তেওঁলোকৰ প্ৰাৰ্থমিক বিদ্যালয়সমূহ বন্ধ কৰা নাই।’
অৱশ্যে এই ক্ষেত্ৰত বিদ্যালয় খোলাৰ আগতে স্কুল বাছৰ চালক, শিক্ষক, আৰু বিদ্যালয়ৰ সকলো কৰ্মচাৰীকে প্ৰতিষেধ প্ৰদান কৰি লোৱাটো অনিবাৰ্য বুলি তেওঁ লগতে কয়।
আনহাতে মঙলবাৰে ICMR –এ নিজাববীয়াকৈ কৰা দেশজোৰা চতুৰ্থটো sero-survey ফলাফল ঘোষণা কৰিছে। উক্ত ফলাফলত দেশৰ জনসাধাৰণৰ দুই-তৃতীয়াংশ লোকৰ শৰীৰত SARS-CoV-2-ৰ এণ্টিবডি পোৱা গৈছে।
দেশৰ ২১ খন ৰাজ্যৰ ৭০ খন জিলাত জুন-জুলাই মাহত চলোৱা এই sero-survey -ত ৬ৰ পৰা ৯ বছৰ বয়সৰ শিশুৰ ৫৭.২শতাংশৰ মাজত আৰু ১০ৰ পৰা ১৭ বছৰ বয়সৰ শিশুৰ ৬১.৬শতাংশৰ শৰীৰত এন্টিবডী পোৱা গৈছে।
লগতে পঢ়ক : কেতিয়া অনুষ্ঠিত হ’ব চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ব্যক্তিগত পৰীক্ষাৰ্থী পৰীক্ষা?