এতিয়াৰ পৰা ঘৰতে কৰিব পাৰিব ক’ভিডৰ পৰীক্ষা। মহাৰাষ্ট্ৰৰ পুনেস্থিত এটা প্ৰতিষ্ঠানে ক’ভিড টেষ্টিঙৰ বাবে ভাৰতৰ প্ৰথমটো ছেল্ফ-য়ুজ ৰেপিড এণ্টিজেন টেষ্ট (RAT) কিট প্ৰস্তুত কৰি তুলিছে।
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ICMR)-এউক্ত কিটটো বজাৰত মুকলি কৰিবলৈ অনুমতি দিছে। কিটটোৰ মূল্য প্ৰতি পেটেকত ২৫০ টকা। পুনেৰ Mylab Discovery Solutions নামৰ প্ৰতিষ্ঠানটোৱে এই কিটটো প্ৰস্তুত কৰিছে।
উক্ত কিটটো ব্যৱহাৰ কৰি ঘৰতে নিজৰ ক’ভিড টেষ্টিং কৰিব পাৰিব। টেষ্টিঙৰ ৰিজাল্ট গুগল প্লে’ ষ্টোৰ আৰু এপল ষ্টোৰত উপলব্ধ এক এপত আপল’ড কৰিব লাগিব।
লগতে পঢ়ক : চাইক্ল’ন য়াছ : অসমকে ধৰি উত্তৰ-পূবত প্ৰচণ্ড বহাত-বৰষুণৰ সম্ভাৱনা
ICMR-ৰ গাইডলাইন অনুসৰি ক’ভিছেল্ফ (CoviSelf) নামৰ এই টেষ্টিং ব্যৱস্থা ক’ভিডৰ লক্ষণ থকা (symptomatic) ব্যক্তি আৰু ক’ভিড ৰোগীৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ অহা ব্যক্তিসকলে ব্যৱহাৰ কৰিব পাৰে আৰু এই ক্ষেত্ৰত চেম্পুল সংগ্ৰহ কৰিবলৈ স্বাস্থ্যকৰ্মীক মতাৰ প্ৰয়োজন নাই ।
তদুপৰি চিকিৎসকৰ কোনোধৰণৰ প্ৰেচক্ৰিপচন নোহোৱাকৈ এই সঁজুলিবিধ কিনিব পাৰিব।
ICMR-ৰ মতে ইয়াত পজিটিভ অহা লোকসকলক পজিটিভ হিচাপে গণ্য কৰা হ’ব আৰু এই ক্ষেত্ৰত নতুনকৈ পুনৰ টেষ্ট কৰাৰ প্ৰয়োজন নাই।
অৱশ্যে RAT নিগেটিভ অহা symptomatic ব্যক্তিসকলক ক’ভিড সন্দেহযুক্ত লোক হিচাপে ধৰা হ’ব আৰু তেওঁলোকক RTPCR টেষ্টৰ ৰিজাল্ট নহালৈকে হোম আইচ’লেশ্যনত থাকিবলৈ ICMR-এ পৰামৰ্শ দিছে।