গুৱাহাটী : জনতা ভৱনস্থিত কার্যালয়ত ৰাজ্যৰ ক’ভিড পৰিস্থিতি পর্যালােচনা কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই শিশুৰ বাবে ক’ভিড কেয়াৰ আন্তঃগাঁথনি শক্তিশালীকৰণৰ লগতে ৰাজ্যৰ প্রতিখন চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু জিলা চিকিৎসালয়ত শিশুৰ বাবে আছুতীয়া ইনটেনচিভ কেয়াৰ ইউনিট স্থাপন কৰাৰ বাবে স্বাস্থ্য বিভাগক নির্দেশ দিয়ে। বৈঠকত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনত শিশুৰ বাবে ক’ভিড আন্তঃগাঁথনি শক্তিশালীকৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৩০ টা আই চি ইউ স্থাপন কৰাৰ লগতে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ২০ টাকৈ আই চি ইউ স্থাপন কৰা হ’ব। তদুপৰি, ৰাজ্যৰ অন্যান্য মেডিকেল কলেজ হাস্পতালত ১৫ টাকৈ এনে আই চি ইউ স্থাপন কৰা হ’ব।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে মহেন্দ্র মােহন চৌধুৰী চিকিৎসালয়ত শিশুৰ বাবে ১৫ টা ইনটেনচিভ কেয়াৰ ইউনিটৰ লগতে সকলাে জিলা হাস্পতালত ৫ টাকৈ ইনটেনচিভ কেয়াৰ ইউনিট স্থাপন কৰি চিকিৎসালয়সমূহৰ আন্তঃগাঁথনি আৰু অধিক শক্তিশালী কৰি তােলা হ’ব। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বর্তমানে থকা আই চি ইউ বিচনা প্রয়ােজন সাপেক্ষে শিশুৰ বাবে আই চি ইউ বিচনা হিচাপে গঢ়ি তােলা হ’ব আৰু ইয়াৰ জৰিয়তে স্বাস্থ্য সেৱা অধিক ফলপ্রসূ কৰি তােলাৰ বিশেষ পদক্ষেপ লােৱা হ’ব। মুখ্যমন্ত্ৰীয়ে কয় যে শিশুৰ বাবে ইনটেনচিভ কেয়াৰ ইউনিট অধিক শক্তিশালীকৰণৰ বাবে টেকনিচিয়ান আৰু নাৰ্ছৰ সংখ্যা বৃদ্ধি কৰা হ’ব। এই উদ্দেশ্যে চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষক প্রশিক্ষণৰ ব্যৱস্থা আৰম্ভ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে লগতে স্বাস্থ্য বিভাগৰ প্রধান সচিবগৰাকীক বর্তমান বিভিন্ন চিকিৎসা মহাবিদ্যালয় হাস্পতালত খালী হৈ থকা আই চি ইউ টেকনিচিয়ানৰ পদসমূহ শীঘ্ৰে পূৰণ কৰাৰ বাবে নির্দেশ দিয়ে। ইয়াৰ বাবে প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত একোগৰাকীকৈ নডেল বিষয় নিয়ােগ কৰি তেওঁলােকৰ জৰিয়তে প্রশিক্ষণৰ পাঠ্যক্রম প্রস্তুত কৰাৰ বাবেও নির্দেশ দিয়ে। ৰাজ্যখনৰ ক’ভিড চিকিৎসা ব্যৱস্থাপনা অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰি মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমৰ মিছন সঞ্চালকগৰাকীক সমগ্ৰ ৰাজ্যখনতে টিকাকৰণৰ প্ৰক্ৰিয়াটো অধিক দ্রুত কৰাৰ বাবেও নির্দেশ দিয়ে।

লগতে পঢ়ক : অসম উঃ মাঃ শিক্ষা সংসদৰ নতুন অধ্যক্ষ ৰূপে নিযুক্তি ৰূক্ম গোঁহাই বৰুৱাক

মুখ্যমন্ত্ৰীয়ে সান্ধ্য আইন কঠোৰভাৱে বলৱৎ কৰাৰ লগতে কন্টেইনমেন্ট এলেকাত প্রয়ােজনীয় পদক্ষেপ লােৱাৰ ওপৰতাে গুৰুত্ব আৰােপ কৰে।বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী কেশৱ মহন্ত, মুখ্যমন্ত্রী প্রধান সচিব সমীৰ কুমাৰ সিনহা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অনুৰাগ গােৱেল, ৰাষ্ট্রীয় স্বাস্থ্য মিছন, অসমৰ মিছন সঞ্চালক লক্ষ্মনন এছ প্ৰমুখ্যে শীর্ষ বিষয়াসকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply