গোলাঘাটতো পালন কৰিলে ঈদ-উজ-জোহা

গোলাঘাট : আজি পবিত্ৰ ঈদ-উজ-জোহা। ৰাজ্যজুৰি ইছলাম ধৰ্মী লোকসকলে ঘৰে ঘৰে পঢ়িছে নামাজ। অৱশ্যে পূৰ্বৰ দৰে উচাহ নাই এইবাৰ ঈদত। কিয়নো চাৰিওদিশে এতিয়া কোৰোনাৰ সংক্ৰমণ।


ৰাজ্যৰ অন্যান্য স্থানৰ লগতে আজি গোলাঘাটতো ইছলাম ধৰ্মাৱলম্বী ৰাইজে পালন কৰিছে প্ৰেম,ত্যাগ আৰু ভাতৃত্ববোধৰ প্ৰতীক পৱিত্ৰ ঈদ-উদ-জ্জোহা ।

ক’ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থমন্ত্ৰীয়ে ঘৰতে নামাজ পঢ়ি ঈদ পালনৰ বাবে জনোৱা আহ্বানক সহাঁৰি জনাই গোলাঘাটৰ ৰাংঢালী,বাতিপৰিয়া, খুমটাইৰ বিভিন্ন প্ৰান্তৰ লগতে বাদুলিপাৰৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজেও ঘৰতে উদযাপন কৰিছে ঈদোজ্জোহা ।

ক’ভিডে ঈদৰ উচাহ ম্লান কৰিছে যদিও ঘৰতেই সুন্দৰভাৱে পালন কৰিছে ঈদৰ নীতি-নিয়ম ।সোমবাৰ অৰ্থাৎ ১৯ জুলাইত কোৰোনাৰ নতুন এছ অ’ পিত উল্লেখ কৰা অনুসৰি, এইবাৰ ৰাজহুৱা স্থানত পঢ়াৰ সলনি ঘৰতে পঢ়িছে ঈদৰ নামাজ। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আছু জ্যেষ্ঠ নেতা সমুজ্জ্বল ভট্টাচাৰ্যকে ধৰি বহুজনে ছ’চিয়েল মিডিয়াযোগে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে।

লগতে পঢ়ক লাভলীনা বৰগোহাঁইক উৎসাহিত কৰাৰ বাবে সমূহীয়া চাইকেল ৰেলী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply