নিউজ ডেস্ক : IDOL কেলেংকাৰীত জড়িত মূল অভিযুক্ত কন্দৰ্প দাসক গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অপসাৰিত কৰা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদে দাসক অপসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
মঙলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ এখন গুৰুত্বপূৰ্ণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
উল্লেখযোগ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মুক্ত বিশ্ববিদ্যালয় IDOL –ৰ প্ৰাক্তন সঞ্চালক কন্দৰ্প দাসে ইউজিচিৰ স্বীকৃতিপ্ৰাপ্ত নোহোৱাকৈয়ে আইডলত পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিছিল।
তেওঁৰ বিৰুদ্ধে অস্বীকৃতিপ্ৰাপ্ত পাঠ্যক্ৰমৰ বাবদ ছাত্ৰ-ছাত্ৰীৰ পৰা ৪০ কোটিৰো অধিক ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছিল। কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছিল উক্ত তথ্য।
অসম আৰক্ষী প্ৰাক্তন উচ্চপদস্থ বিষয়া পল্লৱ ভট্টাচাৰ্যৰ বিষয়টোৰ তদন্তৰ বাবে গঠন কৰা আয়োগে এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰাৰ পিছতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰে।
উল্লেখযোগ্য যে উক্ত কেলেংকাৰীত নাম সাঙুৰ খোৱাৰ পিছত ৰাজ্যপাল জগদীশ মুখীৰ নিৰ্দেশত দাসক কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰাও অপসাৰিত কৰা হৈছিল।
লগতে পঢ়ক : ৰাজকন্যা সঁচাকৈয়ে অসুস্থ নে বেমাৰৰ ভাও ধৰিছে চাব মেডিকেল বৰ্ডে