নিউজ ডেস্কঃ কঠোৰ হৈছে ৰাজ্যৰ শিক্ষা বিভাগৰ সচিব। এতিয়াৰ পৰা শিক্ষকতাৰ বাবে অন্য কোনো কাম সৈতে জড়িত কৰা নোৱাৰিব শিক্ষকক। সোমবাৰে এক জাননী জাৰি কৰি শিক্ষা সচিবে এই কথা স্পষ্ট কৰি দিয়ে।
আন দায়িত্বত নিয়োগ হৈ থকা শিক্ষকক অতি শীঘ্ৰে অব্যহতি দিবলৈ শিক্ষা বিষয়াক নিৰ্দেশ প্ৰদান কৰে শিক্ষা সচিবে। ২৫ মাৰ্চৰ পূৰ্বে সকলো শিক্ষককে নিজ নিজ বিদ্যালয়ত যোগদান কৰিবলৈও নিৰ্দেশ প্ৰদান কৰে।
ইফালে, প্ৰধান শিক্ষকক লৈও কঠোৰ হৈছে শিক্ষা সচিব। এতিয়াৰে পৰা বিদ্যালয় সমূহত নিয়মিত উপস্থিত থকাৰ লগতে পাঠদান কৰোৱাব লাগিব প্ৰধান শিক্ষককে। প্ৰধান শিক্ষকে পাঠদান নকৰিলে দৰমহাৰ ক্ষেত্ৰত ব্যৱস্থা ল’বলৈ সচিবে নিৰ্দেশ প্ৰদান কৰে শিক্ষা বিভাগক।