মানকাচৰ : মানকাচৰৰ কুচনীমাৰা-জোৰডাঙ্গা আদৰ্শ গাঁও পঞ্চায়তত সমূহীয়া ইফতাৰ। বিধায়কৰ উপস্থিতিত বিশ্ব শান্তিৰ বাবে হিন্ধু-মুছলামৰ দোৱা-প্ৰাৰ্থনা। পবিত্ৰ ৰমজান মাহ উপলক্ষে বৃহস্পতিবাৰে মানকাচৰৰ আদৰ্শ গাঁও পঞ্চায়ত কুচনীমাৰা-জোৰডাঙ্গাত পঞ্চায়ত সভানেত্ৰী বিউটি হালিমা মণ্ডলে এক সমূহীয়া ইফতাৰৰ আয়োজন কৰে।

এই ইফতাৰ অনুষ্ঠানত মানকাচৰৰ বিধায়ক আমিনুল ইছলাম মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া, মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপালি বৰুৱাসহ জিলাখনৰ ভালে সংখ্যক পঞ্চায়ত প্ৰতিনিধি, সমাজসেৱক সকল। পবিত্ৰ ৰমজান মাহত ইছলাম ধৰ্মৰ লোক সকলে সম্পূৰ্ণ এমাহ ৰোজা ৰাখে। পুৱতি নিশা সূৰ্য উঠাৰ আগত মজজিদত ফজৰৰ আজান দিয়াৰ আগতে চেহেৰী গ্ৰহণ কৰি দিনটো উপবাসে থাকি বিয়লি সূৰ্য অস্ত যোৱাৰ সময়ত মাগ্ৰিবৰ আজান দিয়াৰ লগে লগে ইফতাৰ কৰে ইছলাম ধৰ্মৰ লোক সকলে।

লগতে পঢ়ক –  পুনৰ ডকাইতক এনকাউণ্টাৰ অসম আৰক্ষীৰ

মানকাচৰত প্ৰতি বছৰে হিন্ধু-মুছলাম লোক সকলে একেলগে সমূহীয়া ইফতাৰৰ আয়োজন কৰি বিশ্ব শান্তিৰ বাবে দোৱা প্ৰাৰ্থনা কৰে। এইবাৰো এই সমূহীয়া ইফতাৰত মানকাচৰৰ বিধায়ক গৰাকীৰ লগতে মানকাচৰৰ হিন্ধু-মুছলাম লোক সকলে একেলগে বহি ইফতাৰৰ পূৰ্বে বিশ্ব শান্তিৰ বাবে দোৱা প্ৰাৰ্থনা কৰা পৰিলক্ষিত হয়।মানকাচৰত কেৱল মুছলমান সকলৰ ইফতাৰ বা ইদে নহয়, হিন্ধু সকলৰ দুৰ্গা পূজা, খ্ৰীষ্টান সকলৰ বৰদিনকে ধৰি সকলো অনুষ্ঠানত এইদৰে হিন্ধু-মুছলাম-খ্ৰীষ্টান ধৰ্মৰ লোক সকলে সমূহীয়া ভাবে সকলো অনুষ্ঠান কাৰ্যসূচী ৰূপায়ন কৰি ভাতৃত্বৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,129 other subscribers

Leave a comment

Leave a Reply Cancel reply