নিউজ ডেস্ক : গুৱাহাটীস্থিত Indian Institute of Entrepreneurship (IIE) -ত খালী হোৱা এটা পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। উক্ত নিযুক্তি সম্পূৰ্ণ ঠিকাভিত্তিক হ’ব বুলি প্ৰতিষ্ঠানটোৱে এক বিজ্ঞাপন যোগে জানিবলৈ দিয়ে।

পদ – Project Head – Grade-II (Procurement), পদৰ সংখ্যা- ১টা।

দৰমহা – মাহিলি ৪০,১৮০ টকা। প্ৰাৰ্থীৰ বয়স ৩০ ছেপ্টেম্বৰ ২০২১-ত ৪০ বছৰৰ ভিতৰত হ’ব লাগিব, অৱশ্যে যথেষ্ট অভিজ্ঞতা থকা প্ৰাৰ্থীৰ ক্ষেত্ৰত বয়সৰ ৰেহাই থাকিব।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো বিভাগত স্নাতক হ’ব লাগিব। Business Administration, Finance, Logistics or Supply Management আদি বিষয়ৰ প্ৰাৰ্থীসকলক অগ্ৰাধিকাৰ দিয়া হ’ব।

অৰ্হতা সম্পন্ন ইচ্ছুক প্ৰাৰ্থীসকলে ২০ অক্টোবৰৰ ভিতৰত Administrative Officer, Indian Institute of Entrepreneurship, Lalmati, Basistha Chariali, 37 NH Bypass, Near Game Village, Guwahati-781029, Assam, Kamrup (M) ঠিকনাত পোৱাকৈ যাৱতীয় তথ্যসহ নিজৰ বায়’ ডাটা প্ৰেৰণ কৰিব লাগিব।

বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

বিভাগীয় ৱেবছাইটৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক : প্ৰতিমাত অন্তিম পৰশ দিয়াত ব্যস্ত মৃৎ শিল্পীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply