নিউজ ডেস্ক : ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে ঘোষণা কৰা National Institutional Ranking Framework (NIRF), 2021 –ত আই আই টি গুৱাহাটীয়ে দেশৰ শ্ৰেষ্ঠ অভিযান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ ভিতৰত সপ্তম আৰু সকলো শিক্ষা প্ৰতিষ্ঠানৰ ভিতৰত অষ্টম স্থান অধিকাৰ কৰিছে।
বৃহস্পতিবাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে NIRF –ৰ ৰেংকিং ঘোষণা কৰে।
উক্ত ৰেংকিঙৰ প্ৰথম স্থানত আছে চেন্নাইৰ আই আই টি মাদ্ৰাছ। আই আই টি মাদ্ৰাছে একেৰাহে তৃতীয় বছৰৰ বাবে শীৰ্ষ স্থান অধিকাৰ কৰে। অভিযান্ত্ৰিক আৰু সামগ্ৰিকভাৱে দুয়োটা পৰ্য্যায়তে প্ৰতিষ্ঠানটো প্ৰথম স্থানত থাকে।
আনহাতে দ্বিতীয় স্থানত আছে বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ চাইন্স।
আই আই টি দিল্লী, আই আই টি কানপুৰ আৰু আই আই টি খৰগপুৰে চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ স্থান অধিকাৰ কৰাৰ বিপৰীতে জৱাহাৰলাল নেহৰু বিশ্ববিদ্যালয় আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ে ক্ৰমে নৱম আৰু দশম স্থানত থাকে।
দিল্লীৰ এইমছে চিকিৎসা মহাবিদ্যালয় সমূহৰ ভিতৰত শীৰ্ষ স্থান অধিকাৰ কৰে।
আনহাতে এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয় ৬৭ স্থানত থকাৰ লগতে তেজপুৰ বিশ্ববিদ্যালয় ৭৩ স্থানত আৰু শিলচৰৰ নেচনেল ইনষ্টিটিউট অফ টেকন’লজি ৯৩ স্থান লাভ কৰে।
ইপিনে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে এশখন শীৰ্ষ শৈক্ষিক প্ৰতিষ্ঠানৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল।
লগতে পঢ়ক : ভোটৰ স্বাৰ্থত মাজুলীবাসীক দলং নিৰ্মাণৰ ভুৱা প্ৰতিশ্ৰুতি দিছিল বিজেপি : জাতীয় পৰিষদ