গুৱাহাটীঃ দেশৰ লগতে অসমতো ক্ৰমাত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ।
আই আই টি গুৱাহাটীৰ কেইবাগৰাকীয়ো কৰ্মচাৰী, অধ্য়াপকৰ দেহত ধৰা পৰিছে কোভিড-১৯।
প্ৰতিষ্ঠানখনৰ বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত ধৰা পৰিছে ক’ৰোনা ভাইৰাছ।
প্ৰতিষ্ঠানখনৰ পৰা কোনো লোক বাহিৰলৈ ওলাই আহিব নোৱাৰিব আৰু বাহিৰৰ কোনো লোক প্ৰতিষ্ঠানখনত প্ৰৱেশ কৰিব নোৱাৰিব।
ইতিমধ্যে আই আই টিৰ কৰ্তৃপক্ষই বান্ধি দিছে এই নিয়ম।
লগতে পঢ়কঃকৰ’নাৰ তীব্ৰ সংক্ৰমণঃ কি সিদ্ধান্ত ল’ব মুখ্যমন্ত্ৰীয়ে?
অসমত যোৱা ২৪ ঘণ্টাত ৪৭৫ গৰাকী লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে।
এনে পৰিস্থিতিত ৰাজ্য চৰকাৰে ইয়াক লৈ পুনৰ চিন্তাচৰ্চা আৰম্ভ কৰিছে।
ইফালে যোৱা ২৪ ঘণ্টাত দেশত ৫৮,০৯৭ গৰাকী লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হোৱাৰ লগতে ৫৩৪ গৰাকী লোকৰ মৃত্যু হৈছে।