নিউজ ডেস্কঃ আইআইটি, গুৱাহাটীৰ এগৰাকী গণিতৰ অধ্যাপকৰ শনিবাৰে মৃতদেহ উদ্ধাৰ। অধ্যাপক গৰাকীৰ কোৱাৰ্টাৰত মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে।
প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই আৰক্ষীৰ তদন্তৰ সহযোগিতা আগবঢ়াব বুলিও জানিবলৈ দিয়ে। ইফালে, এক বিবৃতিযোগে আইআইটি, গুৱাহাটীয়ে অধ্যাপক গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
উল্লেখ্য যে, আইআইটি, গুৱাহাটীয়ে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ প্ৰাথমিক তদন্ত অনুসৰি, এয়া আত্মহত্যাৰ ঘটনা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে যদিও সম্পূৰ্ণ তদন্তৰ পাছতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।