গুৱাহাটী: আই আই টি গুৱাহাটীত বহিঃৰাজ্যৰ ছাত্ৰীৰ ওপৰত যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱা সম্পকে কালি প্ৰকাশিত বাতৰিৰ পিছতেই তৎপৰ হয় আই আই টি গুৱাহাটী কৰ্তৃপক্ষ । ঘটনাৰ পাঁচদিনৰ পিছত আৰক্ষীৰ কাষ চাপে শিক্ষানুষ্ঠান খনৰ কৰ্তৃপক্ষ । শেহতীয়াকৈ আমিনগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে উৎসব কদম নামৰ ৰসায়ন বিজ্ঞান বিভাগৰ এজন ছাত্ৰক ।
প্ৰথম অৱস্থাত মৌন হৈ থকা আইআইটি কৰ্তৃপক্ষই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছাত্ৰী নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত৷ আআইটি কাণ্ডত জড়িত থকাৰ সন্দেহত উৎসৱ কদম নামৰ এজন ছাত্ৰক গ্ৰেপ্তাৰ কৰাৰ লগতে আন চাৰিজনক সোধা-পোছাৰ বাবে আৰক্ষীয়ে আটক কৰে। ৰসায়ন বিজ্ঞানৰ তৃতীয় সান্মাসিকৰ ছাত্ৰ উৎসৱ কদম৷
২৮ মাৰ্চত মূমুৰ্খ অৱস্থাত উদ্ধাৰ হৈছিল বহিঃৰাজ্যৰ ছাত্ৰীগৰাকী৷ ছাত্ৰী নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত ৫ দিনৰ অন্তত থানাত এজাহাৰ দাখিল কৰে আইআইটি কৰ্তৃপক্ষই৷ এই চাঞ্চল্যকৰ ঘটনা গাপ দিবলৈ বিচাৰিছিল আইআইটি কৰ্তৃপক্ষই৷ আআইটি কৰ্তৃপক্ষই এই ঘটনাৰ সন্দৰ্ভত প্ৰেৰণ কৰা প্ৰেছ বিবৃতি উল্লেখ কৰা মতে, কৰ্তৃপক্ষই বিগত দিনকেইটাত নিজাকৈ তদন্ত কৰিছিল এই ঘটনাৰ৷ প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষৰ মতে সম্প্ৰতি সুস্থ ভুক্তভোগী ছাত্ৰীগৰাকী৷ আইআইটিৰ হাস্পতালে উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰিছিল আৰু চিকিৎসকে যৌন নিৰ্যাতনৰ বলি হৈছিল বুলি জানিবলৈ দিয়ে।
এই ঘটনা সন্দৰ্ভত তদন্ত চলাইছে উত্তৰ গুৱাহাটীৰ আমিনগাঁও আৰক্ষীয়ে। ছাত্ৰীগৰাকীক মাদকদ্ৰৱ্য সেৱন কৰাই যৌন নিৰ্যাতন চলোৱাৰ তথ্য পোহৰলৈ আহিছে আৰক্ষীৰ তদন্তত। সমগ্ৰ ঘটনা সন্দৰ্ভত উত্তৰ গুৱাহাটী আৰক্ষীয়ে নিজাববীয়াকৈ আমিনগাঁও থানাত ৫৩/২১ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত গোচৰ ৰুজু কৰিছিল।