গুৱাহাটী: গুৱাহাটী আই আই টি সংঘটিত হোৱা যৌন নিৰ্যাতনৰ ঘটনা এটা প্ৰতিষ্ঠানটোৱে গাপ দিবলৈ চেষ্টা কৰা ঘটনাই সকলোকে ভবাই তুলিছে ৷ ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দৰ মাজতে গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত সংঘটিত চাঞ্চল্যকৰ ঘটনা ৷ জানিব পৰা মতে ২৯ মাৰ্চৰ নিশা অচেতন অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী বহিঃৰাজ্যৰ ছাত্ৰী৷ সেই নিশায়ে জিএমচিএইচত ছাত্ৰীগৰাকীক ভৰ্তি কৰা হৈছিল যদিও ৰহস্যজনকভাৱে চিকিৎসা সম্পূৰ্ণ নহওঁতেই লৈ যোৱা হৈছিল ছাত্ৰীগৰাকীক৷ চিকিৎসকৰ পৰামৰ্শ অবিহনে আইআইটি কৰ্তৃপক্ষই লৈ যায় ছাত্ৰীগৰাকীক৷

চিকিৎসকৰ মতে যৌন নিৰ্যাতনৰ বলি হৈছিল ছাত্ৰীগৰাকী। এই সম্পৰ্কে চিকিৎসা কৰা চিকিৎসকে ভঙাগড় থানাত লিখিত ভাবে ঘটনাতো অবগত কৰে ৷ ভঙাগড় থানাই পিছত গোটেই বিষয়টো ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সমীপৰ আমিনগাঁও আৰক্ষী চকীক অবগত কৰে | ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ফালৰ পৰা এতিয়ালৈকে গোচৰ দিয়া হোৱা নাই যদিও আমিনগাও আৰক্ষী চকীয়ে নিজাববীয়াকৈ এটা গোচৰ পঞ্জীয়ন ৫৩/২০২১ নম্বৰত কৰে ৷ আমিনগাঁও থানাই তদন্ত আৰম্ভ কৰিছে যদিও শিক্ষানুষ্ঠান খনৰ পৰা ঘটনাটো গাপ দিবলৈ চেষ্টা কৰাৰ অভিযোগ আহিছে ৷ সুত্ৰটোৱে জানিবলৈ দিয়া মতে এই ঘটনাৰ সৈতে দুজন গবেষক ছাত্ৰ জড়িত থকাৰ সন্দেহ কৰিছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,852 other subscribers

Leave a comment

Leave a Reply Cancel reply