আই আই টি গুৱাহাটীৰ পৰা নিলম্বিত ছাত্ৰ উৎসৱ কদম

গুৱাহাটী: আইআইটি গুৱাহাটী চৌহদত ছাত্ৰীক যৌন নিৰ্যাতন ঘটনাৰ সৈতে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা মুম্বাইৰ ছাত্ৰ উৎসৱ কদমক ইতিমধ্যে প্ৰতিষ্ঠান খনৰ পৰা নিলম্বিত কৰা হৈছে বুলি আইআইটি গুৱাহাটীৰ পৰা প্ৰকাশ কৰিছে। এই ঘটনাৰ সৈতে জড়িতৰ অভিযোগত চাৰিজন ছাত্ৰকো আৰক্ষীয়ে সোধাপোছা কৰাৰ অন্তত যাবলৈ দিছিল যদিও
গুৱাহাটী আইআইটিৰ ফালৰ পৰা চাৰি জন ছাত্ৰক আৰক্ষীৰ তদন্তৰ খাতিৰতে ছাত্ৰাবাসতে পৃথকে পৃথকে আবদ্ধ কৰি ৰখা হৈছে।উক্ত ছাত্ৰ কেইগৰাকী ছাত্ৰী নিৰ্যাতনৰ ঘটনাৰ সৈতে জৰিত আছিল নে নাই সেয়া পৰীক্ষা কৰি থকা হৈছে।
ছাত্ৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদন খন আহি পালেই কি হৈছিল সেয়া পোহৰলৈ আহিব ।

আনহাতে সংবাদ মাধ্যমত প্ৰকাশ নোহোৱালৈকে শিক্ষা প্ৰতিষ্ঠানৰ পৰা বিষয়টো গোপনে ৰাখিবলৈ চেষ্টা কৰাৰ পিছত এতিয়া যৌন নিৰ্যাতনৰ বলি হোৱা বুলি অভিযোগ উঠা ছাত্ৰীগৰাকীক আইআইটি কৰ্তৃপক্ষই যাৱতীয় বিধি নমনাকৈয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ পৰা উলিয়াই অনা হৈছিল বুলি সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অস্বীকাৰ কৰি এই সন্দৰ্ভত সকলো বিধি মানি চলা হৈছিল বুলি প্ৰকাশ কৰিছে আইআইটি কৰ্তৃপক্ষই।


উল্লেখ্য যে, যোৱা ২৮ মাৰ্চৰ নিশা আই.আই.টি গুৱাহাটীত হোলী উপলক্ষে আয়োজিত অনুষ্ঠান চলি থকাৰ মাজতেই সংঘটিত কৰিছিল এই জঘন্য কাণ্ড। মাজনিশা মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰা হয় গুজৰাটৰ ছাত্ৰীগৰাকীক।
আই.আই.টি. কৰ্তৃপক্ষই আমিনগাঁও আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত ৫৩/২১ নম্বৰৰ ৩৭৬ ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৰুজু হৈছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply