গুৱাহাটী : গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা বুধবাৰে, ধৰ্ষণৰ গোচৰত অভিযুক্ত আই আই টি গুৱাহাটীৰ এগৰাকী ছাত্ৰৰ জামিন নাকচ কৰিছে।
উল্লেখযোগ্য যে যোৱা যোৱা ২৮ মাৰ্চত উৎসৱ কাডম নামৰ গুৱাহাটী আই আই টিৰ ৰসায়ন বিজ্ঞান বিভাগৰ ছাত্ৰজনক ধৰ্ষণৰ এক গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। মুম্বাই নিৱাসী ছাত্ৰ গৰাকীয়ে প্ৰতিষ্ঠানটোত এইবাৰ হোলীৰ সময়ত অনুষ্ঠিত এক অনুষ্ঠানত এগৰাকী সহপাঠীক ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত হৈছিল।
উত্তৰ গুৱাহাটী আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ধাৰা ৩৭৬ৰ অধীনত ৫৩/২০২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হয়।
৩ এপ্ৰিলৰ পৰা আৰক্ষীৰ জিম্মাত থকা ঘটনাটোৰ মূল অভিযুক্ত উক্ত ছাত্ৰজনে বাৰম্বাৰ জামিন বিচাৰি আবেদন জনাই আহিছিল।
আই আই টি গুৱাহাটী ষ্টুডেণ্টছ ডিচিপ্লিনেৰী কমিটিৰ পৰামৰ্শৰ অধীনত যোৱা ৪ এপ্ৰিলৰ পৰা কাৰ্য্যকৰী হোৱাকৈ অভিযুক্ত ছাত্ৰজনক প্ৰতিষ্ঠানটোৰ পৰা বৰ্খাস্ত কৰা হৈছে।
লগতে পঢ়ক : ৰাজ্যত প্ৰধানমন্ত্ৰী কিষান আচঁনিত সংঘটিত হৈছে ভয়াবহ জালিয়াতি
আনহাতে উক্ত ঘটনাৰ সৈতে জড়িত আন ৪ জন অভিযুক্তক পৰৱৰ্তী তদন্তৰ খাতিৰত আই আই টি গুৱাহাটীৰ কেম্পাছত ৰখা হৈছে।