সোণাৰি : চৰাইদেউ জিলাৰ সোণাৰিৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে নিচাযুক্ত দ্ৰব্যৰ অবৈধ বেহাৰ লগতে জুৱাৰ আড্ডা তথা কুকুৰা যুঁজ।

বিশেষকৈ গ্ৰামাঞ্চল তথা চাহ বাগিচা অঞ্চলসমূহত অব্যাহত আছে এনেধৰণৰ অসামাজিক কাৰ্যকলাপ। অবৈধ চুলাই-মদৰ বেহা বিনা বাধাই অব্যাহত থকাৰ ফলত সুস্থ সামাজিক বাতাবৰণ বিনষ্ট হৈছে বিভিন্ন অঞ্চলত।

আনহাতে পৰম্পৰাৰ নামত কুকুৰা যুঁজ অনুষ্ঠিত কৰি একাংশ জুৱাৰীয়ে বৃহৎ জুৱাৰ আড্ডা চলাই থকাৰ ফলতো সামাজিক বাতাবৰণ বিনষ্ট হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিত এতিয়া জাঙুৰ খাই উঠিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতি।

সংগঠনটোৱে অভিযোগ উত্থাপন কৰা অনুসৰি অবৈধ মদ-জুৱাৰ আড্ডা তথা কুকুৰা যুঁজ বন্ধ কৰিবলৈ চৰাইদেউ জিলাৰ আৰক্ষী-প্ৰশাসনক বাৰম্বাৰ আহ্বান জনায় অহাৰ পাছতো কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই।

ইপিনে এই সমূহ কাৰ্যত গাওঁৰক্ষী বাহিনীৰ লোকো জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আছাৰ নেতাজনে। ইয়াৰ পৰিপ্ৰেক্ষিত এই দুষ্কাৰ্যৰ বিৰুদ্ধে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পুনৰ আহ্বান জনাইছে সংগঠনটোৱে।

লগতে পঢ়ক- ৰূপহীহাটৰ শালপাৰাত ড্ৰাগছৰ পেডলাৰ আটক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply