মন্ত্ৰী সঞ্জয় কৃষাণ

ৰাজ্যৰ শ্ৰম আৰু চাহ জনগোষ্ঠীৰ উন্নয়ন মন্ত্ৰী সঞ্জন কিষানৰ বিৰুদ্ধে নিযুক্তিৰ নামত ব্যাপক অনীতি হোৱাৰ অভিযোগ তুলি, ৰাজীৱ মাঝি নামৰ এজন যুবকে ৫জুন ২০২১ত বৰ্তমানৰ মুখ্যমন্ত্ৰীলৈ লিখিলে এখন মুকলি পত্ৰ।

পত্ৰত পূৰ্বৰ সোণোৱাল চৰকাৰ দিনতো কিছুদিনৰ বাবে এই বিভাগৰ মন্ত্ৰীৰ দায়িত্বত থকা কিষানে শ্ৰমিক কল্যাণ আৰু চাহ জনজাতি কল্যাণ সঞ্চালকালয়ত নিযুক্তিৰ নামত আত্মীয় স্বজনক নিযুক্তি দিয়াৰ অভিযোগ তুলি দহটা উদাহৰণো দাঙি ধৰিছে। ছ’চিয়েল মিডিয়াত ৰাজীৱে এটা ভিডিঅ আপলোড কৰি সকলোৰে আস্থা আৰু বিশ্বাস ৰখা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা এই সন্দৰ্ভত এক তদন্তৰ আশা কৰিছে।

ৰাজীৱ মাঝিৰ মতে সঞ্জয় কিষাণে শেহতীয়াকৈ দিয়া নিযুক্তিত নেহা কৰ্মকাৰ নামৰ যিগৰাকী মহিলাক নিযুক্তি প্ৰদান কৰিছিল সেই মহিলাগৰাকী সঞ্জয় কিষাণৰ ব্যক্তিগত সহায়ক সঞ্জীৱ কৈৰীৰ ঘনিষ্ঠ। ইয়াৰ উপৰিও সঞ্জয় কিষাণৰ কাৰ্যালয়ৰ কৰ্মচাৰী সঞ্জীৱ নেওগক পিয়ন, মন্ত্ৰীগৰাকীৰ পত্নীৰ ভায়েক থমাছ ধনক ই এছ আইৰ ফাৰ্মাচিষ্ট, মন্ত্ৰীগৰাকীৰ ৰান্ধনী দ্বীপেন কৈৱৰ্ত্তাক চকীদাৰ, মন্ত্ৰীগৰাকীৰ অফিচৰ আন এগৰাকী কৰ্মচাৰী দিপাংকৰ কায়স্থক ই এছ আই পিয়ন, মন্ত্ৰীগৰাকীৰ ব্যক্তিগত সহায়ক টিংকু বৰাক ভাতৃক নৱজ্যোতি বৰাক পিয়ন, মন্ত্ৰীগৰাকীৰ গাড়ীচালকৰ পত্নী ৰেখা কাকতিক ই এছ এই ড্ৰেচাৰ, মন্ত্ৰীগৰাকীৰ পত্নী ভাতৃ অৰুণ তপ্নক এ টি ই পি এ ফৰ জুনিয়ৰ এষ্টিটেন্ট ৰূপে নিযুক্তি দিয়াৰ অভিযোগ তোলা হৈছে।
সৰ্বানন্দ সোনোৱাল কেবিনেটত মাত্ৰ ৭মাহ মন্ত্ৰী হৈ ২০২০-২১বৰ্ষৰ ৫০টা মান নিযুক্তিতে ঘনিষ্ঠ তথা আত্মীয়ৰ ১০-১২জন লোকক নিযুক্তি দিয়া এই দুৰ্নীতিগ্ৰস্ত মন্ত্ৰীজনৰ বিৰুদ্ধে ক্ষোভ ব্যক্তি কৰি ৰাজীব মাঝিয়ে চূড়ান্ত ভাৱে তেওঁ ৰাজনৈতিক ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰিছে।
এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে বিষয়টো অস্বীকাৰ কৰি তদন্ত কৰিলে সকলো প্ৰমান হ’ব বুলি উল্লেখ কৰিছে।

লগতে পঢ়ক কোৰোনাৰ মাজতো টিকটবিহীন ৰেল যাত্ৰীৰ সংখ্যা কমা নাই দেশত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply