প্ৰতিনিধিত্বমূলক ছবি

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ ভাৰত-বাংলাদেশ সীমান্তৰ কেশাৰভিটা গাওঁৰ
পৰা চোৰাংকৈ গৰু সৰবৰাহ কৰিবলৈ চেষ্টা কৰা সময়ত বি এছ এফৰ তহলদাৰী দলে ধৰা পেলাই ।

আৰক্ষী সুত্ৰে জানিব পৰা মতে সীমান্তৰ কাইটিয়া তাৰৰ ৫০০ মিটাৰৰ ভিতৰত কেশাৰভিটা গাওঁৰ পৰা যোৱা নিশা প্ৰায় ২.৩০ বজাত গৰু সৰবৰাহকাৰী চক্ৰ এটাই বাংলাদেশলৈ গৰু চালন কৰিবলৈ নিয়া অৱস্থাত ৬ নং বি. এছ.এফ. দলে ২ টা গৰু জব্দ কৰিবলৈ সক্ষম হয় ।

বি এছএফৰ দলটোৱে দুটা গৰু উদ্ধাৰ কৰে যদিও গৰু সৰবৰাহকাৰী এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে। ইতিমধ্যে সীমান্তৰ পৰা উদ্ধাৰ কৰা উক্ত গৰু দুটা বি. এছ.এফৰ ফালৰ পৰা মানকাচৰ থানাত জমা দি এটা গোচৰ ৰুজু কৰে ।লগতে পঢ়ক ভেকছিন কোনটোৱে বেছিকৈ এণ্টিবডী প্ৰস্তুত কৰে কভিশ্বিল্ড নে কভাক্সিন !

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply