গুৱাহাটীঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। কৰিমগঞ্জত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ কফ চিৰাপ। এক গোপন সূত্ৰৰ ভিত্তিত কৰিমগঞ্জ আৰক্ষীয়ে জিলাখনৰ বদৰপুৰ অঞ্চলত তালাচী চলাই এখন ডাম্পাৰৰ পৰা জব্দ কৰে ৯,৯০০ বটল কফ চিৰাপ। জব্দ কৰা কফ চিৰাপখিনিৰ বজাৰমূল্য প্ৰায় ৫০লাখ টকা বুলি আৰক্ষীয়ে জনাইছে।


ইফালে আৰক্ষী অহাৰ উমান পাইয়ে ডাম্পাৰচালকজনৰ লগতে ডাম্পাৰখনৰ গৰাকীয়ে পলায়ন কৰে। ইতিমধ্যে ডাম্পাৰ চালক আৰু গৰাকীজনৰ বিৰুদ্ধে বদৰপুৰ আৰক্ষীথানাত এটা গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে চালক আৰু ডাম্পাৰখনৰ গৰাকীৰ সন্ধানত তদন্ত চলাই আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,390 other subscribers

Leave a comment

Leave a Reply Cancel reply