অবৈধ পানীৰ বৰিংত আজি পুনৰ গুৱাহাটী পৌৰনিগমৰ অভিযান।
মহানগৰীৰ পাথৰকোৱাৰীত পৌৰনিগময়ে অভিযান চলাই জৰিমনা বিহে এটা অবৈধ পানীৰ বৰিংত।
পৌৰনিগমৰ অনুজ্ঞাপত্ৰ অবিহনে দীৰ্ঘদিন ধৰি কৰ ফাঁকি দি হাজৰুল হক নামৰ লোকজনে অবৈধ ভাৱে বৰিং কৰি চলাই আহিছিল পানীৰ ব্যৱসায়।
গুৱাহাটী পৌৰনিগমৰ এটা দলে আজি অভিযান চলাই অবৈধ বৰিংটো ধৰা পেলাই জৰিমনা বিহাৰ লগতে বিহীত ব্যৱস্থা গ্ৰহণ কৰে।
স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত গুৱাহাটী পৌৰ নিগমে এই অভিযান চলাইছিল।
মহানগৰীৰ বিভিন্ন অঞ্চলত থকা অবৈধ পানীৰ বৰিংৰ বিৰুদ্ধে গুৱাহাটী পৌৰনিগমে জিলা উপায়ুক্তৰ নিৰ্দেশত অভিযান চলাইছে জিলা প্ৰশাসনে।
অভিযান কালত অবৈধ ভাবে খোৱাপানী বিক্ৰী কৰি থকা জনে ৰাইজৰ সহায়ৰ বাবে এই ব্যবস্থা কৰিছে বুলি মন্তব্য কৰে।