মৎস্যজীবিক উচ্ছেদ কৰাৰ ষড়যন্ত্রৰ বিৰুদ্ধে প্ৰতিবাদ

শিৱসাগৰ পৰা আমিনুৰ ৰহমান: শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত বৰ্তমান চলিছে ঐতিহাসিক স্থান সমূহৰ ভূমি দখল কৰাৰ প্ৰতিযোগিতা।

এইবাৰ দখলদাৰীয়ে এখন ঐতিহাসিক মৎস্য বিলৰ ভূমিয়েই দখল কৰি নিৰ্মাণ কৰিছে বৃহৎ বৃহৎ মীন পাম।

ইযাকলৈ এতিয়া চৰকাৰক কৰ দিয়া অহা শ শ মৎস্যজীবিৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

উল্লেখ্য যে শিৱসাগৰ জিলাৰ লগতে ৰাজ্যখনৰ বিভিন্ন স্থানত আহোম শাসনৰ বহু ঐতিহাসিক সৌধ আছে।

অবিভক্ত শিৱসাগৰ জিলাখনতেই সৰু – বৰ মুঠ ৫৫৫ টা আহোম ৰাজ শাসনৰ স্থাপত্য আছে। এই সমূহ স্থাপত্যৰ গাতে লাগি আছে ঐতিহাসিক ৰংচাই (লংচাই বিল)।

যি দৰে আহোম স্বৰ্গদেউ সকলে ৰংঘৰত উঠি বিভিন্ন জাতি- জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি আনন্দ লৈছিল ঠিক তেনেদৰে ৰংচাই বিলতো (লংচাই বিলতো) মৎস্য মেলাৰ আনন্দ লৈছিল।

স্বৰ্গদেউ সকলৰ দিনতে এই ৰংচাই বিল আছিল মৎস্য চিকাৰ কৰাৰ এক উল্লেখনীয় স্থান।

ৰংচাই (লংচাই) বিল

স্বৰ্গদেউ সকলৰ দিনত এইখন ৰংচাইতে (লংচাই) মৎস্য চিকাৰ কৰাত স্বয়ং বহু কেইগৰাকী স্বৰ্গদেৱে অংশ লোৱা বুলি এক লোকবিশ্বাস আজিও প্ৰচলিত হৈ আছে।

আহোম ৰাজ শাসনৰ অন্ত পৰাৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমৰ লগতে শিৱসাগৰ জিলাখনতো শাসন চলোৱাৰ সময়ত এইখন ৰংচাই (লংচাই) বিলতে মৎস্য চিকাৰ কৰি সাধাৰণ জনতাই জীৱন নিৰ্বাহ কৰি আহিছিল।

তাহানিৰ পৰা এতিয়ালৈকে এই ৰংচাই (লংচাই) বিলত মৎস্য চিকাৰ কৰাটো এক পৰম্পৰা হৈ পৰাৰ লগতে মসৎজীবি লোক সকলৰ বাবে এইখন বিল উপাৰ্জনৰ মুল আহিলা হিচাপে বিবেচিত হৈ আহিছে।

শিৱসাগৰ নগৰৰ পৰা প্ৰায় ৮ কিলোমিটাৰ নিলগৰ তথা দিচাংমুখ গাঁও পঞ্চায়ত, পানবেচা গাঁও পঞ্চায়ত আৰু দিচাং ধাইআলি গাঁও পঞ্চায়তলৈকে বিস্তাৰিত হৈ থকা ৰংচাই (লংচাই) বিলত এতিয়া চলিছে ব্যাপক দখলৰাজ।
এইখন ৰংচাই (লংচাই) বিলতে যুগ যুগ ধৰি দিচাংমুখ, পানবেচা, দিচাং ধাইআলি, আদি পঞ্চায়ত সমূহৰ বৃহৎ সংখ্যক মৎস্যজীবি লোকে মৎস্য চিকাৰ কৰি পৰিয়াল পোহপাল দি অহাৰ লগতে জীৱিকাৰ এক প্ৰধান সম্বল হিচাপে বাচি লৈছে। ইফালে চৰকাৰী ভাৱেও এই বিলখন নিবিদা ভিত্তিত উচ্চ নিবিদাকাৰীক প্ৰদান কৰি অহা হৈছে।
পৰম্পৰাগত ভাৱে এই বিলতে মৎস্য চিকাৰ কৰি চৰকাৰক ৰাজহ দি অহা এই সকল লোকক এতিয়া ভাতে মৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে দিচাংমুখ চুমনি গাঁৱৰ টায়ে উপাধিৰ এগৰাকী ব্যৱসায়ীয়ে।

এই গৰাকী ব্যৱসায়ীয়ে একমাত্ৰ ব্যক্তিগত স্বাৰ্থৰ বাবে শ শ মানুহৰ জীৱনক দুৰ্বিসহ কৰি ৰংচাই (লংচাই) বিলৰ চৌপাশে গঢ়ি তুলিছে অবৈধ নিৰ্মাণ। এই গৰাকী পুঁজিপতি ব্যৱসায়ীয়ে ঐতিহাসিক ৰংচাই (লংচাই) বিলৰ উজনি খণ্ডটো সম্পূৰ্ণৰূপে পোতি উক্ত ভুমিখণ্ড সমূহত নিৰ্মাণ কৰিছে বৃহৎ মীন পাম।

এনেদৰে এখন চৰকাৰী বিল টায়ে আৰু তেওঁৰ পুত্ৰই অবৈধ দখলেৰে মীন পাম স্থাপন কৰি মৎস্যজীবি সকলক উচ্ছেদিত কৰাৰ যি ষড়যন্ত্ৰ কৰিছে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি মৎস্যজীবি সকলে শিৱসাগৰ জিলা উপায়ুক্তক ইতিমধ্যে অভিযোগ দাখিল কৰিছে।

ইয়াৰ সমান্তৰালভাৱে মৎস্যজীবি সকলে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈকো টায়ে আৰু তেওঁৰ পুত্ৰই ৰংচাই বিল অবৈধ ভাৱে দখল কৰি মৎস্যজীবি সকলক উচ্ছেদিত কৰাৰ ষড়যন্ত্ৰৰ সন্দৰ্ভত অভিযোগ দাখিল কৰিছে।

লগতে পঢ়ক – “সফলতা প্ৰাপ্ত কৰাটো এক সময় সাপেক্ষ প্ৰক্ৰিয়া”- ডঃ বুদ্ধ ডেকা বৰুৱা

মৎস্যজীবি সকলৰ হৈ জিন্তু দাস আৰু ত্রৈলোক্য দাসে স্বাক্ষৰ কৰি জিলা উপায়ুক্তক দাখিল কৰা অভিযোগ পত্ৰত উল্লেখ কৰিছে যে ঐতিহাসিক ৰংচাই (লংচাই) বিলৰ ঐতিহাসিক ভাৱে যি সীমা আছে এই সীমাৰ ভিতৰত যি সকল লোকে বৰ্তমান অবৈধ ভাৱে প্ৰৱেশ কৰাৰ লগতে ভুমি দখল কৰি ব্যৱসায় কৰি আহিছে তেওঁলোকক উচ্ছেদ কৰি মৎস্যজীবি সকলৰ বাবে বিলখনৰ সীমা মুকলি কৰি দিব লাগে। অন্যথা এই চৰকাৰী বলখনত চৰকাৰক ৰাজহ দি মৎস্য চিকাৰ কৰি অহা মৎস্যজীবি সকলৰ জীৱন বিপদাপন্ন হৈ পৰিব বুলি উল্লেখ কৰিছে।

উল্লেখ্য যে দিচাংমুখ ডেকা বৰবৰুৱা পথৰ দুয়োকাষে থকা ৰংচাই (লংচাই) বিলখনৰ বিভিন্ন স্থানত বহু লোকে মৎস্য পালনৰ বাবে বৃহৎ বৃহৎ মীন পাম স্থাপন কৰা পৰিলক্ষিত হৈছে।

আচলতে এই ভূমি সমূহ চৰকাৰী আছিল নে ব্যক্তিগত কোনো লোকৰ পট্টাৰ ভুমি হয় ইয়াৰ এক নিৰপেক্ষ তদন্ত হ’ব লাগে বুলি বহু সংখ্যক মৎস্যজীবিয়ে দাবী কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply