গুৱাহাটী : নিয়ম উলংঘাৰে পদপথত দোকান দিয়া সকলৰ বিৰুদ্ধে কঠোৰ হৈছে পৌৰ নিগম। অনুজ্ঞাপত্ৰ আৰু অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত থকা মাছ-মাংসৰ দোকানৰ বিৰুদ্ধে অভিযান। মহানগৰী গুৱাহাটীৰ বিভিন্ন অঞ্চলত উচ্ছেদ ৮০ টাকৈ দোকান। পৌৰ নিগমৰ নিৰ্দেশনা উলংঘা কৰি একাংশই পদপথৰ ওপৰত চলাই গৈছে ব্যৱসায়।

বুধবাৰে গুৱাহাটী পৌৰ নিগমৰ পশুপালন বিভাগৰ এটা দলে মহানগৰীত অভিযান চলাই পদপথৰ পৰা ৮০ টাকৈ মাছ-মাংসৰ দোকান উচ্ছেদ কৰে। পৌৰ নিগমৰ নিৰ্দেশনা উলংঘা কৰি একাংশ লোকে পদপথৰ ওপৰত কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈ মাছ-মাংসৰ দোকান চলাই আছিল।

পৌৰ নিগমৰ অভিযানকাৰী দলটোৱে কাহিলিপৰা কলনী বজাৰ, ওদালবাক্ৰা, লালগণেশ, লখৰা, সাউকুছি, গড়চুক ধীৰেনপাৰা আদি অঞ্চলত অভিযান চলাই পদপথৰ কাষত অবৈধভাৱে থকা ৮০ টাকৈ মাছ-মাংসৰ দোকান উচ্ছেদ কৰে। অভিযানকাৰী দলটোৱে উচ্ছেদ কৰা দোকান সমূহৰ পৰা প্ৰায় ২০০ কেজি মাছ আৰু ১২ কেজি মাংস জব্দ কৰে।

উল্লেখ্য যে পৌৰ নিগমে পদপথৰ কাষত ব্যৱসায় কৰা লোক সকলক পৌৰ নিগমৰ পৰা অনুজ্ঞাপত্ৰ সংগ্ৰহ কৰি দোকান দিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। একাংশ লোকে পৌৰ নিগমৰ এই নিৰ্দেশনা উলংঘা কৰি কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈ অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত দোকান দি ব্যৱসায় চলাই আছিল।

লগতে পঢ়ক : ‘গ্ৰীণ কমাণ্ডো’ৰ জৰিয়তে অসমত কৃষি বিপ্লৱৰ সপোন দেখা এজন উচ্চ শিক্ষিত কৃষক

ইফালে অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত মাছ-মাংসৰ দোকান দি ব্যৱসায় চলাই থকা সকলক অভিযানকাৰী দলটোৱে ২ হাজাৰ টকা জৰিমনা বিহে। অনুজ্ঞাপত্ৰ অবিহনে আৰু অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত মাছ-মাংসৰ দোকান দি ব্যৱসায় চলাই থকা সকলৰ বিৰুদ্ধে পৌৰ নিগমে ধাৰাবাহিক অভিযান চলাই যাব বুলি পৌৰ নিগমৰ ফালৰ পৰা জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply