তামুলপুৰ : ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে দিনে-নিশাই আৰক্ষীৰ ব্যাপক তালাচীৰ মাজতো তামুলপুৰত অব্যাহত আছে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা। আৰক্ষীৰ চকুৰ সন্মুখেতে তামুলপুৰৰ ৰাজপথৰে সৰবৰাহ হয় অবৈধ সুৰা। এক পথ দুৰ্ঘটনাৰ ফলত পোহৰলৈ আহে অবৈধ সুৰা সৰবৰাহৰ এক বিশেষ তথ্য।

মঙলবাৰে তামুলপুৰ থানাৰ অন্তৰ্গত দ্বাৰকুছিত ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় পথত সংঘটিত হয় এক পথ দুৰ্ঘটনা। ৰঙিয়া অভিমুখী এএছ-০১-ডিএফ-১৯৬০ নম্বৰৰ ওৱেগনাৰ বাহন এখনে দ্বাৰকুছিত এজন চাইকেল আৰোহীক খুন্দা মাৰে। এই পথ দুর্ঘটনাতে ওলাই পৰে উৰহী গছৰ ওৰ।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে আহত চাইকেল আৰোহী জনক স্থানীয় একাংশ সচেতন ৰাইজে ৰঙিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে আৰু দুৰ্ঘটনা সংঘটিত কৰা ওৱেগনাৰ বাহনখনত কেইবা কাৰ্টুন অবৈধ সুৰা থকাতো প্ৰত্যক্ষ কৰে। লগে লগে ৰাইজে গান্ধীবাৰী আৰক্ষী চকীত খৱৰ দিয়ে আৰু গান্ধীবাৰী আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ চালক পবিত্ৰ কলিতাৰ লগতে বাহনখন গান্ধীবাৰী আৰক্ষী চকীলৈ লৈ আহে।

লগতে পঢ়ক : নাবার্ডৰ অধ্যক্ষৰ সৈতে গ্ৰাম্য আন্তঃগাঁথনিৰ নিৰ্মাণ সংক্রান্তীয় পর্যালােচনা মুখ্যমন্ত্রীৰ

বাহনখনৰ পৰা আৰক্ষীয়ে ১৪ কাৰ্টুন অবৈধ সুৰা উদ্ধাৰ কৰে। উল্লেখযোগ্য যে অবৈধ সুৰাখিনি বাক্সা জিলাৰ কুমাৰীকাটাৰ পৰা কামৰূপ জিলাৰ তুলসীবাৰীলৈ নি থকা বুলি বাহনখনৰ চালক পবিত্ৰ কলিতাই সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰে। এতিয়া প্ৰশ্ন হ’ল আৰক্ষীৰ নিয়মীয়া তালাচীৰ পিছতো কেনেকৈ এনে অবৈধ সুৰাৰ সৰবৰাহ চলি আছে?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply