চতিয়াঃ চতিয়াত অবৈধভাৱে মজুত কৰা সুৰা জব্দ।
চতিয়াৰ শ’লাল গাঁৱৰ মুকু হাজৰিকাৰ বাসগৃহৰ পৰা আৰক্ষীয়ে জব্দ কৰে সুৰাখিনি ৷
ইতিমধ্যে চতিয়া আৰক্ষীয়ে চতিয়াৰ বিভিন্ন অঞ্চলত সুৰাৰ বিৰুদ্ধে অভিযান চলাই আছে ৷
দেওবাৰে চতিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সহযোগত বিশ্বনাথ জিলা আবকাৰী বিষয়াই এক অভিযান চলাই কেইবা কাৰ্টুন সুৰাৰ লগতে আটক কৰিছে সুৰা ব্যৱসায়ী মুকু হাজৰিকাক।
আৰু পঢ়কঃপথ দুৰ্ঘটনাত এবছৰীয়া পুত্ৰ আৰিফুল ইছলামসহ আহত মাতৃ আৰ্মিনা খাতুন