সোণাৰি: চৰাইদেউ জিলাৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলত অব্যাহত আছে দুষ্কৃতিকাৰীৰ বন ধ্বংস যজ্ঞ। দূৰ্গম হাবিৰ মাজত উদ্ধাৰ বৃহৎ সংখ্যক কাঠৰ কুণ্ডা। নীৰৱ চৰকাৰ তথা বন বিভাগ।
সোণাৰিৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলত দিনে-নিশাই বনদস্যুৱে চলাইছে বন ধ্বংসযজ্ঞ অভিযান। অসম-নগালেণ্ড সীমান্তত থকা চৰাইদেউ জিলাৰ অন্যতম বৃহৎ সংৰক্ষিত বনাঞ্চলখনত বহু মূল্যৱান গছ কাটি চোৰাংকৈ সৰবৰাহ কৰা তথ্য পুনৰ পোহৰলৈ আহিছে।
চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰীৰ নেতৃত্বত আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু বন বিভাগৰ যুটীয়া অভিযানত বনাঞ্চল খনৰ ভিতৰত দুষ্কৃতিকাৰীয়ে বৃহৎ বৃহৎ গছৰ কুণ্ডা কাটি ৰখাৰ তথ্য পোহৰলৈ আহিছে সম্প্ৰতি ।
বনাঞ্চলখনৰ প্ৰায় ১৫ কিলোমিটাৰ ভিতৰৰ অতি দুৰ্গম এলেকাত বৃহৎ বৃহৎ মূল্যবান গছ কাটি মজুত কৰি ৰখাৰ তথ্য পোহৰলৈ অহাত বিভাগটোৱে এইবোৰ চোৱাচিতা কৰাৰ ক্ষেত্ৰত কৰি অহা হেমাহীৰ বিষয়টোৱেই প্ৰমানিত কৰিছে।

ইফালে সোণাৰিৰ নাফুকস্থিত আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনত থকা অভয়পুৰ সংৰক্ষিত বনাঞ্চলখনত নগা দুষ্কৃতিকাৰীৰ অবাধ বিচৰণৰ পাছতো বন বিভাগে কোনো ধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। যাৰ ফলত বন বিভাগৰ কৰ্মচাৰীৰ অকৰ্মণ্যতাৰ বাবে বন ধ্বংস যজ্ঞ অব্যাহত ৰাখিছে চোৰাং কাঠ ব্যৱসায়ীয়ে।
বনাঞ্চল খন ধ্বংস কৰাৰ বাবে উঠিপৰি লগা চোৰাং বন্যদস্যু বোৰক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত বন বিভাগ কেতিয়া সাৰ পাব। বনমন্ত্ৰীয়ে অথবা গুৱাহাটীত বহি থকা বিভাগীয় মুৰব্বীসকল এই বনধ্বংসক জ্ঞাত হয় নে নহয় সিও নিশ্চিত নহয়।
লগতে পঢ়ক-মুখ্যমন্ত্ৰীৰ পুত্ৰক আটক কৰিছে চিবিআইয়ে