বৰপেটা জিলাৰ কলগাছিয়াৰ দিগজানিত বৃহৎ পৰিমাণৰ কাটি থোৱা কাঠ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। ঘটনাৰ বিবৰণি মতে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দিগজানি গাঁওত কলগাছিয়া আৰক্ষী আৰু বালিকুৰি আৰক্ষীৰ যৌথ অভিযান চলাই বৃহৎ পৰিমাণৰ কাটি থোৱা কাঠৰ পাটা জব্দ কৰে।

আৰক্ষীয়ে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক আহি কাঠখিনি জব্দ কৰে। কাঠ খিনিৰ কাগজপত্ৰ দেখুৱাইছে যদিও সেইখিনি পৰ্যাপ্ত নহয়।

বন বিভাগে কাঠখিনিৰ মূল্য ৩/৪ লাখ মান হ’ব বুলি প্ৰকাশ কৰিছে। কাঠখিনি বন বিভাগে জব্দ কৰি বৰপেটাৰোড বন উপ সংমণ্ডলৈ লৈ যায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply