নিউজ ডেস্ক : সোমবাৰে ২০২০ বৰ্ষৰ পদ্ম বঁটা বিজয়ী ১১৯ গৰাকী ব্যক্তিৰ ভিতৰত এখন বিশেষ ছবিয়ে এতিয়া হাজাৰজনৰ দৃষ্টি আকৰ্ষণ কৰিছে। ছবিখন হৈছে এগৰাকী ৭০ বছৰ ঊৰ্ধ্বৰ জনজাতীয় মহিলাৰ যি শুদা ভৰিৰে ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰে পদ্মশ্ৰী বঁটা।

পদ্মশ্ৰী বঁটাৰে সন্মানিত এই মহিলাগৰাকী হৈছে তুলসী গৌড়া (Tulsi Gowda)। কৰ্ণাটকৰ এগৰাকী পৰিৱেশ কৰ্মী গৌড়াই পদ্মশ্ৰী সন্মান লাভ কৰি প্ৰধান মন্ত্ৰী মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহকে ধৰি দেশৰ শীৰ্ষ মন্ত্ৰীসকলক অভিবাদন জনোৱাৰ ছবিখন সম্প্ৰতি বিভিন্ন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও উক্ত ফটোখন নিজৰ ইন্সটাগ্ৰামত শ্বেয়াৰ কৰে। টুইটাৰতো বিভিন্নজনে ফটোখনক ‘Image of the Day’ বুলি অভিহিত কৰে।
কোন হয় তুলসী গৌড়া?
কৰ্ণাটকৰ হোনালি গাঁৱৰ তুলসী গৌড়ায়ে যোৱা ৬ দশকতকৈ অধিক কাল ধৰি পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত অনন্য অৱদান আগবঢ়াই আহিছে। এই সময়ছোৱাত তেওঁ ৩০,০০০ তকৈ অধিক গছপুলি ৰূপন কৰাৰ লগতে বন বিভাগৰ নাৰ্ছাৰিসমূহৰ চোৱাচিতা কৰি আহিছে।
কৰ্ণাটকৰ হালাকি (Halakki ) নামৰ আদিবাসী সম্প্ৰদায়ৰ ৭৭ বছৰীয়া তুলসী গৌড়াক ‘অৰণ্যৰ বিশ্বকোষ’ বুলি কোৱা হয়, তেওঁৰ বিভিন্ন গছ আৰু বনৌষধৰ ওপৰত আছে অপৰিসীম জ্ঞান।
এটি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা গৌড়ায়ে মাত্ৰ ২ বছৰ বয়সতে নিজৰ পিতৃক হেৰুৱাইছিল। তেনেই কম বয়সৰ পৰা মাতৃৰ সৈতে তেওঁ এখন নাৰ্ছাৰিত কাম কৰা তুলসীয়ে কোনোদিন বিদ্যালয়ত ভৰি থৈ নাপালে।
৩০ বছৰতকৈ অধিক কাল এখন চৰকাৰী নাৰ্ছাৰিত কাম কৰাৰ পিছত তেওঁক এটা চাকৰি আগবঢ়োৱা হয়, উক্ত পদত আৰু ১৫ বছৰ সেৱা আগবঢ়োৱাৰ অন্তত ৭০ বছৰ বয়সত তেওঁ অৱসৰ গ্ৰহণ কৰে।
লগতে পঢ়ক : ভুপালৰ চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ৪ নৱজাতকৰ মৃত্যু