নিউজ ডেস্কঃ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে। সোমবাৰে এক জাননী জাৰি কৰি এই সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগটোৱে।
সেই অনুসৰি, ২৫ জুলাইৰ পৰা ২৯ জুলাইলৈকে অসম, মেঘালয়, নগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচলপ্ৰদেশত ধাৰাসাৰ বৰষুণ হ’ব পাৰে।

লগতে বতৰ বিজ্ঞান বিভাগটোৱে উত্তৰ-পূৰ্বাঞ্চলত য়েল্ল’ এলাৰ্ট জাৰি কৰিছে। লগতে উত্তৰ-পূৰ্বাঞ্চলৰ একাংশ অঞ্চলত সাম্ভাব্য ভূমিস্খলনৰো সতৰ্কবাণী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগটোৱে।

উল্লেখ্য় যে, ৩০ জুনত মণিপুৰত ননী জিলাত টেৰিটৰয়েল আৰ্মীৰ কেম্পৰ ওপৰত পাহাৰৰ এটা বৃহৎ অংশ ভূমিস্খলনৰ ফলত খহি পৰাত কেইবাজনো লোকে হেৰুৱাইছিল প্ৰাণ। এই ঘটনাত অসমৰো শ্ৰমিকৰ মৃত্যু হৈছিল।