গুৱাহাটীঃ একেৰাহে চাৰিদিন ধৰি উত্তৰ-পূৰ্বাঞ্চল হ’ব পাৰে ধাৰাসাৰ বৃষ্টিপাত। অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, পশ্চিম বংগ আৰু ছিকিমত বজ্ৰপাত,ধাৰাসাৰ বৰষুণ আৰু নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বজ্ৰপাত, বিজুলীৰ সৈতে পাতলীয়া বৰষুণ আৰু ঠায়ে ঠায়ে ধাৰাসাৰ বৰষুণ হোৱাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই ৩১ জুলাই আৰু ১ আগষ্টত কমলা ৰঙৰ সংকেত আৰু ২ আৰু ৩ আগষ্টৰ বাবে হালধীয়া সংকেত জাৰি কৰিছে। ৪ আগষ্টত অৰুণাচল প্ৰদেশৰ বাবে সেউজ সংকেত জাৰি কৰা হৈছে আৰু একেদিনাই অসম আৰু মেঘালয়ৰ বাবে হালধীয়া সংকেত জাৰি কৰা হৈছে।

তীব্ৰ বৰষুণৰ বাবে সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ ফলত যান-বাহন চলাচলত ব্যাহত হোৱাৰ উপৰিও কিছু কিছু অঞ্চলত ভূমিস্খলনৰ সম্ভাৱনা ব্যক্ত কৰি বতৰ বিজ্ঞান বিভাগে সতৰ্কবাণী জাৰি কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply