নিউজ ডেস্কঃ গুৱাহাটীৰ ধূলিময় পৰিৱেশৰ বাবে বুধবাৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃ ৰাষ্ট্ৰীয় বিমানবন্দৰত ৪ খনকৈ বিমান অৱৰণৰ সময়ত বাধাৰ সন্মুখীন হ’ব লগা হয়। দিল্লীৰ, চেন্নাই আৰু কলকাতাৰ পৰা অহা প্ৰায় ৪ খন বিমান অৱতৰণৰ বাবে পাইলটে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হয়। 

চেন্নাই পৰা অহা ইণ্ডিগ’ 6E6011 বিমানখন ধূলিৰ বাবে বহু সময় ধৰি আকাশমাৰ্গতে উৰি থাকিব লগা পৰিস্থিতি হয় যদিও কিছুসময়ৰ পিছত অৱতৰণৰ বাবে সক্ষম হয়। তদুপৰি, সন্ধিয়াৰ সময়ত দিল্লী আৰু কলকতাৰ পৰা অহা প্ৰায় ৪ খন বিমান ৰাডাৰৰ সেউজ সংকেট নোপোৱাৰ বাবে কলকাতালৈ ঘুৰি যাব লগা হয়। 

যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে গুৱাহাটী বিমান বন্দৰৰ কতৃপক্ষই বিমান অৱতৰণৰ বাবে সেউজ সংকেট  প্ৰদান নকৰিলে বুলি কতৃপক্ষই জানিবলৈ দিয়ে । নিশালৈ স্বাভাৱিক অৱস্থা ঘূৰি অহাত পলমকৈ হ’লেও বিমান বন্দৰত অৱতৰণৰ বাবে সক্ষম হয় বিমান কেইখন । 

উল্লেখযোগ্য যে, এতিয়া প্ৰতিদিনে গুৱাহাটীৰ বায়ুমণ্ডলৰ অৱনতি  হ’বলৈ আৰম্ভ কৰিছে। যাৰ বাবে অনাগত দিনত আৰু বেছি ভয়ংকৰ পৰিস্থিতৰ সন্মুখীন হ’ব পাৰে গুৱাহাটীবাসী। দিল্লী দৰে চহৰকো বৰ্তমান গুৱাহাটীৰ ধূলিয়ে চেৰ পেলাইছে । লগতে, বুধবাৰে চহৰখনৰ AIR QUALITY INDEX REPORT ৩০০ লৈ নমাৰ পৰিলক্ষিত হয়। যিটোৱে বায়ুৰ গুণগত মান “অতি বেয়া” হিচাপে সূচায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply