নগাঁওঃ নগাঁৱৰ শিমলুগুৰিত ড্ৰাগছ সহ আটক সৰবৰাহকাৰীক। বৰভেটী মহিলা সমিতিৰ একাংশ মহিলাই জুৰীয়াৰ পৰা নগাঁৱলৈ ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাতে হাতে-লোটে আটক কৰে সৰবৰাহকাৰীটোক।
আটক কৰা সৰবৰাহকাৰীটোৰ পৰা জব্দ কৰা হৈছে ৭টাকৈ সন্দেহজনক হেৰ’ইন ভৰ্তি কন্টেইনাৰ। জানিব পৰা মতে, ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম ছফিকুল ৰহমান। আৰু ধৃত সৰবৰাহকাৰীটোৰ ঘৰ নগাঁৱৰ বৰভেটিত।
ইফালে, মহিলা সকলে সৰবৰাহকাৰীটোক আটক কৰি চমজাই দিয়ে হয়বৰগাঁও নগৰ আৰক্ষীক। উল্লেখ্য যে, সৰবৰাহকাৰীটোৱে দীৰ্ঘদিন ধৰি উক্ত অঞ্চলটোত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই থকাৰো অভিযোগ উত্থাপন হৈছে।
আনহাতে, বৰভেটী মহিলা সমিতিৰ এগৰাকী সদস্যাই সাংবাদিকৰ আগত কয়- ”মানুহজনে ড্ৰাগছ লৈ আহি আছিল জুৰীয়াৰ পৰা। আমি পিছা কৰি ইটা ভাটাৰ ওচৰত ধৰিছো। লগতে ৭টা কন্টেইনাৰো পাইছো ড্ৰাগছৰ। প্ৰায় দুবছৰ ধৰি এই অঞ্চলটোত ড্ৰাগছৰ বেহা চলাইছিল ছফিকুল ৰহমানে।”