নিউজ ডেস্কঃ বৃহস্পতিবাৰে বিয়াত বহিব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান। চণ্ডীগড়ৰ নিজা বাসগৃহত চিকিৎসক গুৰপ্ৰীত কৌৰৰ লগত বিয়াত বহিব মুখ্যমন্ত্ৰীগৰাকীয়ে। জানিব পৰা মতে, জাকজমকতাৰ বিপৰীতে অনুষ্টুপীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীৰ বিবাহৰ অনুষ্ঠান অনুষ্ঠিত হ’ব। বিবাহৰ অনুষ্ঠানত আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিবালকে ধৰি মুষ্টিমেয় অতিথি আৰু পৰিয়ালৰ সদস্যসকল উপস্থিত থাকিব।
উল্লেখ্য যে, ৪৮ বছৰীয়া ভগৱন্ত মানৰ এইখন দ্বিতীয় বিবাহ। প্ৰায় ছয় বছৰ আগতে প্ৰথমা পত্নী ইন্দ্ৰপ্ৰীত কৌৰৰ সৈতে বিবাহ বিচ্ছেদ ঘটিছিল মানৰ। বৰ্তমান প্ৰথমা পত্নী আৰু দুই সন্তান আমেৰিকাৰ যুক্তৰাষ্ট্ৰত বাস কৰে। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত চাংৰুৰৰ পৰা জয়লাভ কৰাৰ পিছতে তেওঁ চাকৰি ত্যাগ কৰি ৰাজনীতি কৰাৰ সিদ্ধান্ত লৈছিল। সেই কথাত তেওঁৰ পত্নীৰ আপত্তি আছিল। ইয়াৰ পিছতেই দুয়োৰে মাজত বিচ্ছেদ ঘটিছিল।