নিউজ ডেস্কঃ গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ। মহানগৰীৰ হোটেল ৰেডছন ব্লুত অনুষ্ঠিত নেচাৰেল এলাইছ ইন ডেভেলপমেটন্ট এণ্ড ইন্টাৰডিপেন্ডেন্স (নদী-৩)- এছিয়ান কনফ্লুয়েন্স ৰিভাৰ কনক্লেভ-২০২২ত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
এই অনুষ্ঠানতে উপস্থিত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ এই অনুষ্ঠান সন্দৰ্ভত কয় যে- ”আশা কৰোঁ এই পদক্ষেপে বংগোপসাগৰ অঞ্চলত উপ-আঞ্চলিক সহযোগিতাৰে এক সামূহিক দৃষ্টিভংগী প্ৰকাশ কৰাৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব। নদী কনক্লেভে আমাৰ উন্নয়নমুখী ধাৰণাসমূহৰ ভাগ বতৰাৰে অঞ্চলটোৰ দ্ৰুত অৰ্থনৈতিক বিকাশ আৰু নদীপথ সংযোগক পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত সমন্বয়ক হিচাপে কাম কৰিব।”

ইফালে, ৰেডিছন ব্লুত অনুষ্ঠিত অনুষ্ঠানটিত উপস্থিত থাকে বাংলাদেশ চৰকাৰৰ বৈদেশিক মন্ত্ৰী ড° এ কে আব্দুল মোমেন। লগতে উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ভাৰতত ছিংগাপুৰৰ উচ্চায়ুক্ত ছাইমন ৱং উই কুয়েন, ভাৰতত কম্বোডিয়াৰ ৰাষ্ট্ৰদূত উং শ্বীন।