উত্তৰপূবত দুদিনীয়া ভ্ৰমণসূচীৰ দ্বিতীয়দিনা গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানতে প্ৰাৰ্থনা আঁচনিৰ জৰিয়তে কোভিডত মৃত্যু হোৱা ১০০ গৰাকী লোকৰ আত্মীয়ক ১ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰে অমিত শ্বাহে।
এই অনুষ্ঠানতে তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা ভাৰ্ছুৱেলী হ’ব চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ কৰে। অমিত শ্বাহৰ লগতে এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী।

ইয়াৰ পূৰ্বে গুৱাহাটীত উপস্থিত হৈ চিকিৎসা আন্তঃগাঁথনি সংবৰ্দ্ধনেৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ,মুখ্যমন্ত্ৰীৰ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্যিক কৰ্কট প্ৰতিস্থান,গুৱাহাটীত নতুন ৰেডিয়েশ্যন থেৰাপি ব্লকৰ শুভ উদ্বোধন কৰে।
লগতে উন্নত চিকিৎসাৰ সহায়ক হোৱাকৈ উন্নত প্ৰযুক্তিৰ অত্যাধুনিক লিনিয়েৰ এক্সেলেটৰ মেচিন ৰাইজৰ বাবে মুকলি কৰে।গৃহমন্ত্ৰীগৰাকীয়ে।ইয়াৰ মাজতে গৃহমন্ত্ৰীজনে কামাখ্যা মন্দিৰো দৰ্শন কৰে ।
কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত AIUDFৰ বিধায়ক ফণী তালুকদাৰৰ উপস্থিতিয়ে বিশেষ ভাবে চৰ্চা লাভ কৰে । অমিত শ্বাহৰ সভাত উপস্থিত থকা ভৱানীপুৰৰ বিধায়ক গৰাকী বিজেপিলৈ আহিব বুলি চৰ্চা হৈ আছে ।
লগতে পঢ়ক গোলাঘাট নগৰত ড্ৰাগছ সহ আটক দুজন যুৱক