‘কেন্দ্ৰীয় যোগাযোগ ব্যুৰো’ (চিবিচি)-ৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ে আয়োজন কৰা দুদিনীয়া আলোকচিত্ৰ প্ৰদৰ্শনী তথা প্ৰচাৰ কাৰ্যসূচীৰ আজি বাইহাটা চাৰিআলিৰ পূব কামৰূপ মহাবিদ্যালয়ত শুভাৰম্ভ কৰা হয়। প্ৰদৰ্শনীখনৰ বিষয়বস্তু হৈছে ‘স্বাধীনতাৰ অমৃত মহোৎসৱ তথা সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ ৮ বছৰ’।
প্ৰদৰ্শনীখন উদ্বোধন কৰি ‘ব্ৰহ্মপুত্ৰ বিজ্ঞান বিদ্যালয়’ৰ অধ্যক্ষ শ্ৰী কিৰণ কাকতিয়ে কয় যে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আৰু তেওঁলোকৰ অৱদানৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ উদ্দেশ্যে দেশখনে ‘আজাদী কা অমৃত মহোৎসৱ’ উদযাপন কৰি আছে। তেওঁ শিক্ষাৰ্থীসকলক স্বাধীনতা সংগ্ৰামীসকলৰ আদৰ্শ হৃদয়ংগম কৰাৰ লগতে সেই আদৰ্শক অনুসৰণ কৰিবলৈ আহ্বান জনায়। এই ধৰণৰ প্ৰদৰ্শনীয়ে চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে জনসাধাৰণক অধিক সজাগ কৰাত সহায় কৰে বুলিও তেওঁ অভিমত প্ৰকাশ কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি ‘পূব কামৰূপ মহাবিদ্যালয়’ৰ উপাধ্যক্ষ শ্ৰী নাৰায়ণ গোস্বামীয়ে ৰাষ্ট্ৰৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগৰ কথা স্মৰণ কৰে। তেওঁ এনে প্ৰদৰ্শনী আয়োজনৰ বাবে ‘চিবিচি গুৱাহাটী’ৰ উদ্যোগকো প্ৰশংসা কৰে। তেওঁ লগতে কয় যে এই ধৰণৰ প্ৰদৰ্শনীৰ জৰিয়তে যুৱ প্ৰজন্ম আমাৰ স্বাধীনতা সংগ্ৰামীসকলে কৰা ত্যাগৰ বিষয়ে অৱগত হ’ব।
চিবিচি, গুৱাহাটীৰ ‘ক্ষেত্ৰ প্ৰচাৰ বিষয়া’ শ্ৰীমতী সুচৰিতা চাহুয়ে তেওঁৰ আদৰণি ভাষণত অনুষ্ঠানৰ লক্ষ্য আৰু তাৎপৰ্যৰ বিষয়ে অৱগত কৰে।
দুদিনীয়া প্ৰদৰ্শনীখনত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অখ্যাত নায়কসকলৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰামীসকলৰ বিভিন্ন আলোকচিত্ৰ প্ৰদৰ্শন কৰা হৈছে৷ তদুপৰি, যোৱা ৮টা বছৰত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ আৰু আঁচনিসমূহৰ তথ্য সম্বলিত আলোকচিত্ৰও ইয়াত প্ৰদৰ্শনৰ দিহা কৰা হৈছে৷ দুদিনীয়া অনুষ্ঠানটোৰ লগত সংগতি ৰাখি শিক্ষাৰ্থীসকলৰ মাজত কুইজ, আকস্মিক বক্তৃতা আৰু ফেন্সী ড্ৰেছ প্ৰতিযোগিতাকে ধৰি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে।

চিবিচি, গুৱাহাটীৰ অধীনত পঞ্জীভুক্ত ব্যক্তিগত দলৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ‘আজাদী কা অমৃত মহোৎসৱ’ক বিষয়বস্তু হিচাপে লৈ যুগুতোৱা বহুতো সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হয়।