ধেমাজিঃ ধেমাজি আৰক্ষী থানা সমূহৰ সৰ্বাঙ্গীণ উন্নয়ন অভিযান আচঁনিৰ অধীনত
নৱনিৰ্মিত ধেমাজি সদৰ আৰক্ষী থানাৰ ভৱনটি আনুষ্ঠানিকভাৱে শুকুবাৰে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত , আৰক্ষী উপ- মহাপৰিদৰ্শক জিৎমল দলেয়ে ভাৰ্চুৱেলি উদ্বোধন কৰে। সদৰ আৰক্ষী থানাৰ ভৱনটিৰ ফিটাকাটি শুভ উদ্ধোধন কৰে ধেমাজি জিলা আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাঁই ৷ এই উপলক্ষে আৰক্ষী থানাৰ সভাকক্ষত এখনি উদ্ধোধনী সভাও অনুষ্ঠিত হয় ৷ ধেমাজি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিতেশ শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা উদ্ধোধনী সভাখনি আতঁ ধৰে ধেমাজি জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকাই ৷
ধেমাজি জিলা আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাঁ আৰু ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিপক কুমাৰ নেওগে ভাষণত কয় যে ১৯৪৮ চনতে স্হাপিত হোৱা ধেমাজি সদৰ আৰক্ষী থানাই বিগত দিনত ৰাইজৰ সহায়-সহযোগিতাৰে ইতিমধ্যে ৭৪ টা বছৰ অতিক্ৰম কৰাৰ অন্তত আজি ধেমাজিবাসীয়ে এটি সবাংগ সু- সন্দৰ আৰক্ষী থানাৰ ভৱন পাবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ সু- সম্পৰ্কৰ অবিহনে অঞ্চলটোৰ উন্নয়ন কেতিয়াও সম্ভৱ নহয় বুলি কয় ৷
সভাত বিশিষ্ট অতিথি হিচাপে বাটঘৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মহেন্দ্ৰ নাথ কোঁৱৰ , ধেমাজি বিক্ৰী ক’ৰ বিভাগৰ সহকাৰী আয়ুক্ত দিব্যৰঞ্জন বৰা ,অসম পুলিছ হাউচিং ক’ৰপৰ্চেনৰ সহকাৰী কাৰ্য্যবাহী অভিযন্ত্ৰা চামছেদ আলী , ধেমাজি চেৰ্ম্বাচ এণ্ড কৰ্মাচৰ সভাপতি ঘনকৃষ্ণ বৰগোহাঁই আৰু ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা উপস্থিত থাকে ৷
ধেমাজি চেৰ্ম্বাচ এণ্ড কৰ্মাচৰ সভাপতি ঘনকৃষ্ণ চেৰ্ম্বাচ এণ্ড কৰ্মাচৰ ফালৰ পৰা ধেমাজি সদৰ আৰক্ষী থানালৈ এটি ৰেফিজাৰেটৰ দান দিয়া কথাও ঘোষণা কৰে ৷