প্ৰতিনিধিত্বমূলক ছবি

আমিনগাঁও : কামৰূপ জিলা প্রশাসনৰ উদ্যোগত আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মণ ক্ষেত্রত আয়ােজিত ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে জিলা উপায়ুক্ত কৈলাশ কার্তিক এন। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণ প্রসংগত জিলা উপায়ুক্ত গৰাকীয়ে কয় যে স্বাধীন দেশ ভাৰতবৰ্ষৰ পৰিচালনাৰ বাবে আমাৰ সংবিধান প্রণেতাসকলে প্রতিষ্ঠা কৰা মহান আদর্শসমূহে আমাৰ দৃষ্টিত ইন্ধন যােগাইছে, আমাৰ চিন্তা-চেতনা পৰিচালিত কৰিছে আৰু কার্যলৈ ৰূপান্তৰ কৰিছে। ভাষণ প্রসঙ্গত জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে দেশৰ স্বাধীনতা সেনানীলৈ গভীৰ শ্রদ্ধাঞ্জলি নিবেদন কৰি এই আন্দোলনত অসমৰ ভূমিকা সম্পর্কে ব্যাখ্যা কৰি উপায়ুক্ত গৰাকীয়ে কয় যে বহুজনৰ চৰম ত্যাগ আৰু অশেষ কষ্টৰ ফলত আমি আজি স্বাধীন দেশৰ নাগৰিক ৰূপে গৌৰৱ কৰিবলৈ পাইছাে।

চৰকাৰ, প্রশাসন আৰু নগাৰিক তথা বিভিন্ন সংস্থা, সংবাদ মাধ্যম আদি সকলােৰে সমূহীয়া প্রচেষ্টাত কামৰূপ জিলাখনক সকলাে দিশতে এখন আদর্শ জিলা হিচাপে গঢ়ি তুলিবলৈ সক্ষম হ’ব বুলিও তেওঁ আজিৰ অনুষ্ঠানত আশা প্রকাশ কৰে আৰু সকলােৰে পৰা এই ক্ষেত্ৰত পূর্ণ সহযােগিতা কামনা কৰে। কামৰূপ জিলাৰ গৌৰৱােজ্জ্বল ইতিহাসৰ বিষয়ে সুঁৱৰি এই গৌৰৱৰ ধাৰা অক্ষুন্ন ৰাখিবৰ বাবে স্বাধীনতা দিৱসৰ এই শুভ ক্ষণত সকলােকে পুনৰ এবাৰ অংগীকাৰবদ্ধ হ’বলৈ আহ্বান জনাই কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰৰ কবিতাৰে তেওঁৰ ভাষণৰ সমৰণি মাৰে। অনুষ্ঠানৰ আৰম্ভণিতে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অর্পন কৰা হয়। স্বাধীনতা দিৱসৰ আজিৰ অনুষ্ঠানত ৬ টা দলে কুছকাৱাজত অংশ গ্রহণ কৰে। পেৰেড কামাণ্ডাৰ ইন্সপেক্টৰ এ বি নজৰুল ইছলাম হাজৰিকাই পৰিচালনা কৰা এই কুছকাৱাজত আই টি বি পি দলে শ্রেষ্ঠতাৰ সন্মান লাভ কৰে।

আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ভাৰতৰ সামাজিক ন্যায় আৰু নিয়ােগ মন্ত্ৰালয়ৰ নিদের্শনা মর্মে নিচামুক্ত ভাৰতৰ বাবে শপত গ্ৰহণ কৰা হয়। এই কাৰ্যসূচীত উপস্থিত থকা জিলাখনৰ মুক্তি যুজাৰু ভাৰত চন্দ্র বৈশ্যক সম্বর্ধনা জনােৱা হয়। আনহাতে দিৱসৰ লগত সংগতি ৰাখি ছাত্র-ছাত্রীসকলৰ মাজত জিলাভিত্তিত অনুষ্ঠিত কৰা ৰচনা প্রতিযােগিতাৰ পুৰস্কাৰসমূহ বিতৰণ কৰাৰ লগতে নিজৰ নিজৰ কর্মক্ষেত্ৰত উৎকৃষ্টতা প্রদর্শন কৰা মণ্ডল সমল কেন্দ্র সমন্বয়ক, সামূহিক স্বাস্থ্য বিষয়া, আশাকর্মী, অংগনবাড়ীকর্মী, জীৱিকা সখি, বেংক সখি, পশু সখি, কৃষি সখি, আত্মসহায়ক গােটৰ উপৰি আয়ুষ্মন ভাৰতৰ অধীনৰ প্ৰধানমন্ত্রী জন আৰােগ্য যােজনাৰ ফলপ্রসূ ৰূপায়ণৰ বাবে জি এন আৰ চি ইনষ্টিটিউট অৱ মেডিকেল চাইন্স আৰু তােলাৰাম বাফনা কামৰূপ জিলা অসামৰিক চিকিৎসালয়ক শ্রেষ্ঠত্বৰ বঁটা প্রদান হয়।

লগতে পঢ়ক : স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি হাটশিঙিমাৰীত কংগ্ৰেছৰ “স্বতন্ত্ৰতা যাত্ৰা”

আনহাতে চলিত বৰ্ষত ৰাজ্যিক ভিত্তি গুৱাহাটীত আয়ােজিত কিক বক্সিং প্রতিযােগিতাত ৩৭ কেজি আৰু ২২ কেজি শাখাত সােণৰ পদক অর্জনেৰে জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা বাগটা বি এছ হাইস্কুলৰ ছাত্রী নিশিতা দাস আৰু ৰিম্পী দাসকো সম্বৰ্ধনা জনােৱা হয়। আজিৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত জিলান্যায়াধীশ, আৰক্ষী অধীক্ষককে ধৰি বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু জিলাখনৰ কিছুসংখ্যক জনসাধাৰণ উপস্থিত থাকে। আনহাতে সংহত জিলা উপায়ুক্তৰ কাৰ্যালয়ত আজি স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে জিলা উন্নয়ন আয়ুক্ত নৰসিং বেয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply