মানকাচৰ : হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত জিলা প্ৰশাসনৰ উদ্যোগত ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন। জিলা উপায়ুক্তই উত্তোলন কৰিলে পতাকা। দেশ তথা ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো ক’ভিড প্ৰটকল মানি ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়।

দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ ফালৰ পৰা খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত উদযাপন কৰা হয় স্বাধীনতা দিৱস। জিলা উপায়ুক্ত এইচ এন গৌতম বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি পতাকা উত্তোলন কৰে। ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে এইবাৰ মাত্ৰ চাৰিটা মাছ পাছ গ্ৰুপে প্ৰেডত অংশগ্ৰহণ কৰে।

লগতে পঢ়ক :  ডিফুত ৭৫ সংখ্যক স্বাধীনতা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন

জিলা প্ৰশাসনৰ ফালৰ পৰা ছাত্ৰ-ছাত্ৰীৰ মাজত অনলাইন যোগে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ী প্ৰতিযোগীৰ নাম ঘোষণা কৰি তেওঁলোকৰ পুৰস্কাৰ আৰু মানপত্ৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিবলৈ কোৱা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply