মানকাচৰ : স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ তিনিটা দিন বাকী। ১৫ আগষ্টৰ দিনা দেশ জুৰি উলহ মালহেৰে উদযাপন কৰা হ’ব ৭৫ তম স্বাধীনতা দিৱস। স্বাধীনতা দিৱস উপলক্ষে দেশ তথা ৰাজ্যৰ আন আন জিলা সমূহৰ সমান্তৰালভাৱে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো তীব্ৰ গতিত চলিছে প্ৰস্তুতি। প্ৰেডত অংশগ্ৰহণ কৰিবলগীয়া মাছ পাছ গ্রুপৰ মাজত চলি আছে অনুশীলন।

আন আন বছৰৰ দৰে এইবোৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হ’ব স্বাধীনতা দিৱস। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ পূবৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ আন্তঃৰাজ্যিক সীমান্ত আৰু পশ্চিম ফালে ভাৰত-বাংলাদেশ সীমান্ত।

লগতে পঢ়ক  : উজ্জলা আঁচনিৰ অধীনত তিনি সহস্ৰাধিক মহিলাক গেছ চিলিণ্ডাৰ বিতৰণ

জিলাখনৰ সদৰ হাটছিঙিমাৰীৰ শিশুমাৰা বি এছ এফ কেম্প এলেকাৰ পৰা ধুবুৰীলৈ প্ৰায় ৪৫ কিলোমিটাৰ ভাৰত-বাংলাদেশ সীমান্ত উন্মক্ত তথা নদী আৰু চৰাঞ্চল। এই ক্ষেত্ৰত স্বাধীনতা দিৱসৰ সময়ত জিলাখনত যাতে কোনো ধৰণ দুর্ঘটনা সংঘটিত নহয় ইয়াৰ বাবে আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তত নিৰাপত্তা ব্যৱস্থা কটকটিয়া কৰি তোলা হৈছে বুলি জিলা উপ আৰক্ষী অধীক্ষক এছ চাংছানে জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply