আদ্ৰা ইণ্ডিয়াৰ উদ্যোগত সজাগতা সমদল

সোণাৰি : দেশৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ সদৰ সোণাৰিতো ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন। সোণাৰি ৰাজহুৱা খেলপথাৰত চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হয় স্বাধীনতা দিৱসৰ কাৰ্যসূচী।

চৰাইদেউ জিলাৰ উপায়ুক্ত বিনীতা পেগুয়ে জাতীয় পতাকা উত্তোলন কৰা অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। স্বাধীনতা দিৱসৰ কাৰ্যসূচীত সমাজৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰে চৰাইদেউ জিলা প্ৰশাসনে।

জাতীয় পতাকা উত্তোলন

স্বাধীনতা দিৱসৰ দিনাই ক’ৰণা মহামাৰীৰ বিৰুদ্ধে সজাগতা অভিযান। সোণাৰিত আদ্ৰা ইণ্ডিয়াৰ উদ্যোগত সজাগতা সমদল । বিগত বছৰৰ পৰা বিশ্বব্যাপী সংহাৰ ৰূপ ধাৰণ কৰা ক’ৰণা মহামাৰীৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবলৈ এক অভিযান আৰম্ভ কৰিছে আদ্ৰা ইণ্ডিয়া নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে আজি সোণাৰিতো আনুষ্ঠানিকভাৱে এই অভিযানৰ শুভাৰম্ভ কৰে। চৰাইদেউ জিলাৰ উপায়ুক্ত বিনীতা পেগুয়ে ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে সজাগতা অভিযানৰ। এই অভিযানৰ অংশস্বৰূপে প্ৰচাৰ পত্ৰিকা বিতৰণৰ লগতে ই-ৰিক্সাৰ জৰিয়তে সোণাৰি নগৰৰ লগতে সোণাৰি চাহ বাগিচাত ঘোষণা আগবঢ়াই ক’ৰণা মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিবলৈ ল’ব লগীয়া সাৱধানতা সন্দৰ্ভত ৰাইজক আহ্বান জনায় সংগঠনটোৱে। ক’ৰণাৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ লবলগীয়া উপায়সমূহৰ বিষয়ে আদ্ৰা নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে সোণাৰিবাসী ৰাইজক অৱগত কৰা পৰিলক্ষিত হয়।

লগতে পঢ়ক ডিফুত ৭৫ সংখ্যক স্বাধীনতা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply