কাৰ্বি আংলংটো ৭৫ সংখ্যক স্বাধীনতা দিৱস

ডিফু: দেশৰ অন্য প্ৰান্তৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলংটো ৭৫ সংখ্যক স্বাধীনতা দিৱস ব্যাপক উৎসাহ -উদ্দীপনাৰে উদযাপন কৰা হয়৷

পাৰ্বত্য জিলা খনৰ সদৰ ডিফু বয়চ স্কুল খেল পথাৰত অনুষ্ঠিত চৰকাৰী অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে
কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷

ৰংহাঙে আৰক্ষী ,গৃহৰক্ষী বাহিনী , এন চি চি দল, বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ কুজকাৱাজৰ অভিবাদন গ্ৰহণ কৰে৷ অনুষ্ঠানত ডিফুৰ সাংসদ হৰেন সিং বে, কেইবাজনো বিধায়ক,উপায়ুক্ত-আৰক্ষী অধীক্ষক সহ বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

লগতে পঢ়ক লালকিল্লাত প্ৰধানমন্ত্ৰী:স্বাধীনতাৰ শতবাৰ্ষিকীত স্বাবলম্বী ভাৰত হিচাবে গঢ়াৰ সংকল্প

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply