৭৫ সংখ্যক স্বাধীনতা দিৱসৰ ভাষন প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ১০টা সংকল্প ল’বলৈ ৰাজ্যবাসীক আহ্বান জনালে এই আহ্বান এজন মুখ্যমন্ত্ৰী হিচাপে নহয়, ৰাইজৰ মাজৰ এজন হিচাপে জনাইছে বুলি উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীয়ে মহাপুৰুষ দুজনাৰ তিথিত তথাকথিত চৰকাৰী বন্ধৰ দিন হিচাপে পালন নকৰাৰ সংকল্প ল’বলৈ আহ্বান ৰাজ্যবাসীক। তেওঁ কয় যে আমি মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ তিথি দুটাত বা দামোদৰ দেৱৰ তিথিত কাৰ্যালয়, বিদ্যালয়লৈ আহি গুৰুদুজনাৰ তিথি গৌৰৱ আৰু পবিত্ৰতাৰে পালনৰ সংকল্প ল’ব পাৰোনে।
বৃদ্ধাশ্ৰমত কাৰো যাতে পিতৃ-মাতৃ নাথাকে সেই সংকল্প ল’বলৈ মুখ্যমন্ত্ৰীৰ আহ্বান ৰাজ্যবাসীক।
ব্যস্ততাৰ মাজতো চৰকাৰী কৰ্মচাৰী অথবা ব্যৱসায়ীসকলে বছৰত অন্তত ৭ দিন পিতৃ-মাতৃৰ সৈতে কটোৱাৰ সংকল্প ল’বলৈ আহ্বান। ইয়াৰ বাবে চৰকাৰী কৰ্মচাৰীক বছৰত ৭ দিন ছুটি দিয়া হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
ৰাজ্যৰ প্ৰতিটো সামাজিক অনুষ্ঠানৰ আৰম্ভণিতে অসমৰ জাতীয় সংগীত আৰু অন্তত ভাৰতৰ জাতীয় সংগীত গাই অসম আৰু ভাৰতক গৌৰৱান্বিত কৰাৰ সংকল্প লোৱাৰ আহ্বান।
প্লাষ্টিক পলিথিনৰ ব্যবহাৰে মানবজীৱনলৈ কঢ়িয়াই অনা ভাবুকিৰ বাবে ইয়াক বৰ্জন কৰাৰ সংকল্প লোৱাৰ আহ্বান। একেবাৰে নোৱাৰিলেও পলিথিনৰ ব্যৱহাৰ কম কৰিম বুলি সংকল্প লোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ।
আইনমতে ১৮ বছৰতে কন্যা সন্তানৰ বিয়া দিব পাৰিলেও আমি ২১বছৰৰ আগতে বিয়া নিদিয়াৰ সংকল্প ল’ব পাৰোনে বুলি সংকল্প লোৱাৰ আহ্বান জনালে
কৰ্মচাৰী-বিষয়াসকলক দেশৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত ১ ঘণ্টা বেছিকৈ কাম কৰাৰ সংকল্প লোৱাৰ আহ্বান। তেতিয়াহে দেশৰ ৫খন ৰাজ্যৰ ভিতৰত স্থান পাব অসমে। কামৰ পৰা ঘৰলৈ উভতি যাওতে টেবুলত যাতে এখনো কাগজ থাকি নাযায়, সেই সংকল্প ল’বলৈ আহ্বান কৰ্মচাৰীসকলক।
সকলোকে ড্ৰাগছ ব্যৱসায়ৰ যি কোনো ঘটনা আৰক্ষীক খবৰ দিয়াৰ সংকল্প লোৱাৰ আহ্বান।
মানৱ সৰবৰাহৰ সৰু ঘটনা নজৰত আহিলেও আৰক্ষীক খবৰ দিয়াৰ সংকল্প লোৱাৰ আহ্বান।
নিজৰ পঢ়ি অহা পঢ়াশালীখনৰ উন্নতিৰ বাবে কিবা কৰিব পাৰি নেকি তাৰ সংকল্প লোৱাৰ আহ্বান।
বছৰত অতি কমেও একোটা ভাল কাম কৰাৰ সংকল্প লোৱাৰ আহ্বান। দুখীয়া ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ পঢ়োৱা, কোনো স্কুললৈ গৈ অনুপ্ৰেৰণামূলক অনুষ্ঠান কৰা বা স্বাস্থ্য শিবিৰ আয়োজন কৰা আদি ধৰণৰ কাম কৰাৰ সংকল্প লোৱাৰ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে ।
লগতে পঢ়ক স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত নিচামুক্ত ভাৰতৰ শপত গ্ৰহণ