মৰাণ: ছবি আকি ভাল পোৱা এগৰাকী ছাত্ৰীৰ সাফল্যত মৰাণবাসী উৎফুল্লিত।
মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰী তথা কুৰুকাণী দেউৰী গাঁৱৰ জীয়ৰী নীহাৰিকা দেউৰীয়ে নিজৰ প্ৰতিভাৰে ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে।
নীহাৰিকাই পথৰ কাষত পেলাই থোৱা শিল গুটিত ভাৰতৰ প্ৰধানমন্ত্ৰী সকলৰ প্ৰতিচ্ছবি এদিনৰ ভিতৰত অংকন কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ড সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে।
নীহাৰিকাৰ এই সফলতাৰ খবৰ প্ৰচাৰ হোৱাৰ লগে লগে বাসগৃহত এক উৎসৱ মুখৰ পৰিবেশ। কোনোৱে আকৌ বিহু জুৰিলে কোনোৱে আকৌ আনন্দতে ঘূৰালে কঁকাল মুঠৰ ওপৰত আনন্দৰ জোৱাৰ ।

গাঁওবাসীৰ লগতে বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ আহি সম্বৰ্দ্ধনা জ্ঞাপন কৰিছে। ফুল ভালপোৱা নীহাৰিকাই ছবি অংকনৰ লগতে বিভিন্ন কাম কাজতে আগৰণুৱা।
নিজৰ দৈনিক কৰ্মৰাজিৰ মাজতে গাওঁখনৰ কন কন শিশুসকলক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে নীহাৰিকাই। নীহাৰিকাক লৈ গৌৰাম্বিত নীহাৰিকাৰ শিক্ষাগুৰুৰ লগতে গাওঁবাসী।
লগতে পঢ়ক- শক্তিপীঠ মা কামাখ্যা মন্দিৰলৈ আহিব পশ্চিম বংগৰ মুখ্যমন্ত্ৰী